স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ নিদিলে অৰুণাচলৰ মাটি অসমক এৰি দিয়াৰ দাবী ভূমিপুত্ৰৰ

স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ নিদিলে অৰুণাচলৰ মাটি অসমক এৰি দিয়াৰ দাবী ভূমিপুত্ৰৰ

ডিজিটেল সংবাদ, তিনিচুকীয়া: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লেকাং চাৰ্কোলত যুগ যুগ ধৰি বসবাস কৰি অহা ভূমিপুত্ৰ মৰাণসকলৰ লগতে মিছিং, দেউৰী, আহোম, সোণোৱাল কছাৰী, লিচু (য়ুবিন), চাহ জনগোষ্ঠী আদিবাসী আদি কেইবাটাও জনগোষ্ঠীয় লোকক অৰুণাচল চৰকাৰে স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা নাই। অৰুণাচলত এইসকল অ-জনজাতীয় লোক হোৱা বাবেই চৰকাৰে স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰৰ পৰা বঞ্চিত কৰি ৰাখিছে। যাৰবাবে এই লোকসকলে বিভিন্ন চৰকাৰী আঁচনি, চৰকাৰী চাকৰি, শিক্ষা-দীক্ষা আদি বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে।

স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰাৰ দাবীত ইতিপূৰ্বে এই লোকসকলে কেইবালানিও আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও নাচোৰবান্দ অৰুণাচল চৰকাৰে আজিলৈকে জনগোষ্ঠী কেইটাৰ লোকসকলক পি আৰ চি আগবঢ়োৱা নাই। ইয়াৰ মাজতে বৃহস্পতিবাৰে মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ উদ্যোগত নামচাই জিলাৰ মহাদেৱপুৰ ৰাজহুৱা খেলপথাৰত স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰাৰ দাবীত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়।

কেইবা সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভাত মৰাণ জনগোষ্ঠীয় নেতৃত্বই লেকাং চাৰ্কোলত অতীজৰে পৰা স্থায়ীভাৱে বসবাস কৰি খেতি কৰি অহা তথা স্বকীয় কৃষ্টি-সংস্কৃতি বৰ্তাই অৰুণাচলক আপোন ৰাজ্য তথা জন্মভূমি হিচাপে গণ্য কৰি অহাৰ পাছতো অৰুণাচল চৰকাৰে মৰাণসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰৰ পৰা বঞ্চিত কৰা কাৰ্যক তীব্ৰ ক্ষোভ ব্যক্ত কৰে। সভাই অনতিবিলম্বে মৰাণসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰিবলৈ অৰুণাচল চৰকাৰক দাবী জনোৱাৰ লগতে ভাতৃত্ববোধ বজাই ৰাখিবলৈ আহ্বান জনায়। আৰু যদিহে মৰাণসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ প্ৰদান নকৰে তেন্তে টেঙাপানী পৰ্যন্ত অৰুণাচলৰ ভূখণ্ড অসমেৰে চামিল হ'বলৈ এৰি দিয়াৰ দাবী উত্থাপন কৰে।

ইয়াৰ অন্যথাই মৰাণসকলে অৰুণাচলৰ বিৰুদ্ধে ব্যাপক গণ-আন্দোলন, অৰ্থনৈতিক অৱৰোধ আদি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সংগঠনকেইটাৰ নেতৃত্বই সকিয়নি প্ৰদান কৰে। সভাৰ অন্তত সমাৱেশত অংশগ্ৰহণ কৰা ৰাইজে সমদল কৰি মহাদেৱপুৰস্থিত সহ আয়ুক্তৰ কাৰ্যলয়ত উপস্থিত হয় আৰু সমাৱেশৰ নেতৃত্ব দিয়া অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ শৈক্ষিক বিকাশ মঞ্চ, মৰাণ সাহিত্য সভা, মৰাণ কৰ্মচাৰী পৰিষদে এক দাবীসম্বলিত স্মাৰক-পত্ৰ সহ আয়ুক্তৰ যোগেদি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীলে প্ৰেৰণৰ ব্যৱস্থা কৰে।

স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ নিদিলে অৰুণাচলৰ মাটি অসমক এৰি দিয়াৰ দাবী ভূমিপুত্ৰৰ
তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড: প্ৰায় ৪৫টা ভাড়াঘৰ ভষ্মীভূত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in