/asomiyapratidin/media/media_files/2025/03/17/p7SPwJcI3VBDIspalDdO.jpg)
ডিজিটেল সংবাদ মাৰ্ঘেৰিটঃ আজি মাৰ্ঘেৰিটাত জনজাতি ঐক্যমঞ্চৰ এখন গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰা হয়। জনজাতি ঐক্যমঞ্চই টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি একাংশ অজনজাতীয় লোকে বেদখল কৰাৰ ঘটনাকে ধৰি কেইবাটাও দাবী সন্দৰ্ভত এই যৌথ সংবাদমেল সম্বোধন কৰে।
ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহৰ ভূমি সুৰক্ষিত কৰি জনজাতীয় লোকসকলক সুৰক্ষা দিবলৈ দাবী জনাই। অহা ৩ এপ্ৰিলত জনজাতি ঐক্যমঞ্চই এখন জনজাতীয় অভিবৰ্তন মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰিব বুলিও আজি সংবাদমেলত উল্লেখ কৰে।
উক্ত সংবাদমেলত উপস্থিত থাকে টিৰাপ স্বায়ত্ত্বশাসিত জিলা দাবী পৰিষদ, চিংফৌ নেশ্যনেল কাউন্সিল,পান চিংফৌ ষ্টুডেণ্ট ইউনিয়ন, অল মানটাই স্পীকিং ষ্টুডেণ্ট ইউনিয়ন, চেমা ষ্টুডেণ্ট ইউনিয়ন, জনজাতি মহাসংঘ অসম, টাই ফাকে ষ্টুডেণ্ট ইউনিয়ন, টিএমপিকে ষ্টুডেণ্ট ইউনিয়ন, মেচ কছাৰী ষ্টুডেণ্ট ইউনিয়নসহ বহু সংখ্যক জনজাতীয় নেতৃত্ব।পৰিষদে টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি অজনজাতীয় লোকে বেদখল কৰাকলৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।
পৰিষদে অতি শীঘ্ৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি অবৈধ বেদখল মুক্ত কৰি জনজাতীয় লোকসকলক সুৰক্ষিত কৰিবলৈ চৰকাৰ প্ৰশাসনৰ প্ৰতি দাবী জনায়। আজি সংবাদমেল সম্বোধন কৰে ক্ৰমে টিৰাপ স্বায়ত্ত্বশাসিত দাবী পৰিষদৰ পল্লৱশ্যাম ৱাইলুং,জনজাতি মহাসংঘ অসমৰ মিলন সোণোৱাল, চিংফৌ নেশ্যনেল কাউন্সিলৰ সভাপতি চেংগাম লাব্ৰামে।উল্লেখ্য যে, শেহতীয়াকৈ টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিৰ অজনজাতীয় লোক তথা সন্দেহযুক্ত নাগৰিকে বেদখল কৰা ঘটনাক কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে।
উল্লেখ যে টিৰাপ মৌজাটোৰ কথা গাঁৱৰ ঐতিহাসিক কথা ৰজাখ্যাত চিংফৌ ৰজা পৰিয়ালৰ প্ৰায় ৩০ বিঘাকৈ মাটি বেদখলৰ চেষ্টা চলাই আহিছে গাওঁখনৰ এটা পৰিয়ালে। জানিব পৰা অনুসৰি চিংফৌ ৰজা কথা চিংফৌৰ পুত্ৰ চেঙগাম চিংফৌয়ে একেখন গাঁৱৰে চাৰি ভাতৃ ক্ৰমে কৃষ্ণ ছেত্ৰী, পূৰ্ণ বাহাদুৰ ছেত্ৰী, মদন বাহাদুৰ ছেত্ৰী আৰু তিলক বাহাদুৰ ছেত্ৰীক তৌজি খাজনাভুক্ত নিজ ভোগ দখলত থকা প্ৰায় ৩০ বিঘা মাটি কুঁহিয়াৰ খেতি কৰিবলৈ ভাড়ালৈ দিছিল।
কথা ৰজাৰ পৰিয়ালৰ ভাষ্য অনুসৰি উক্ত ভাড়ালৈ দিয়া মাটিখিনি কৃষ্ণ ছেত্ৰী আৰু তেওঁৰ চাৰি ভাতৃয়ে ২০০৫ চনত শৰণাৰ্থীৰ ভুৱা প্ৰমাণ পত্ৰ দেখুৱাই ভূমি উপদেষ্টা কমিটিৰ জৰিয়তে নিজ নিজ নামত ম্যাদী কৰণৰ বাবে প্ৰস্তাৱ দাখিল কৰে আৰু উক্ত প্ৰস্তাৱ ভূমি উপদেষ্টা কমিটিয়ে গ্ৰাহ্য কৰে।
এই কথা জানিব পাৰি কথা ৰজাৰ পৰিয়ালে সেই সময়ৰ তিনিচুকীয়া জিলা উপায়ুক্তক অভিযোগ দাখিল কৰাত উপায়ুক্তয়ে কৃষ্ণ ছেত্ৰীৰ লগতে চাৰি ভাতৃৰ ম্যাদীকৰণৰ প্ৰস্তাৱ খাৰিজ কৰে। পৰৱৰ্তী সময়ত কৃষ্ণ ছেত্ৰীৰ পৰিয়ালে এই মাটি তেওঁলোকৰ নিজৰ বুলি দাবী উত্থাপন কৰি আদালতৰ দ্বাৰস্থ হয় আৰু বৰ্তমানেও উক্ত বিবাদিত মাটিৰ প্ৰকৃত গৰাকী কোন সেই বিষয় আদালতৰ বিবেচনাধীন হৈ আছে।
জানিব পৰা অনুসৰি কিছুদিন পূৰ্বৰে পৰা মৃত কৃষ্ণ ছেত্ৰীৰ পুত্ৰ প্ৰদীপ ছেত্ৰীয়ে উক্ত মাটিত নিজৰ দখল সাব্যস্ত কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যাৰ ফলশ্ৰুতিত অঞ্চলটোত উত্তেজনাই বিৰাজ কৰা লগতে জনজাতীয় সংগঠনসমূহ সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে।