"দলবদ্ধ আক্ৰমণত মৃত্যু হোৱা নাই মাকুমৰ প্ৰাঞ্জল মৰাণৰ"- সদৌ অসম তাঁতী যুৱ পৰিষদ...

"দলবদ্ধ আক্ৰমণত মৃত্যু হোৱা নাই মাকুমৰ প্ৰাঞ্জল মৰাণৰ। সংবাদ মাধ্যম, আৰক্ষীক বিপথে পৰিচালিত কৰিলে প্ৰাঞ্জলৰ জ্যেষ্ঠ ভগ্নীয়ে" -সদৌ অসম তাঁতী যুৱ পৰিষদ। মাকুম থানাৰ অ' চিক নিলম্বনৰ দাবী কৰিলে সংগঠনটোয়ে...
"দলবদ্ধ আক্ৰমণত মৃত্যু হোৱা নাই মাকুমৰ প্ৰাঞ্জল মৰাণৰ"- সদৌ অসম তাঁতী যুৱ পৰিষদ...

ডিজিটেল সংবাদ, তিনিচুকীয়া : দলবদ্ধ আক্ৰমণত মৃত্যু হোৱা নাছিল মাকুম ডিমৰুহোলাৰ যুৱক প্ৰাঞ্জল মৰাণৰ। প্ৰাঞ্জলৰ জ্যেষ্ঠ ভগ্নীয়ে সংবাদ মাধ্যমৰ লগতে আৰক্ষীক বিপথে পৰিচালিত কৰি গোটই ঘটনাটো অন্য ৰূপ দিবলৈ তৎপৰতা অৱলম্বন কৰিলে। এই দাবী সদৌ অসম তাঁতী যুৱ পৰিষদ আৰু আওপা নামৰ চাহ জনগোষ্ঠীয় সংগঠন দুটাৰ ।

শুকুৰবাৰে সংগঠন দুটাই মাকুমত এক সংবাদমেল সম্বোধন কৰি উক্ত দাবী উত্থাপন কৰি উল্লেখ কৰে যে, প্ৰাঞ্জলৰ মৃত্যু কোনো মাৰধৰ কৰাৰ বাবে হোৱা নাছিল ৷ এইয়া এক দুৰ্ঘটনাহে ৷ যাৰ বাবে প্ৰাঞ্জলৰ বায়েক আৰু মাকুম আৰক্ষী জগৰীয়া। সময়মতে আৰক্ষী অহা হ’লে আৰু বায়েকে কথাটো গুৰুত্ব দিয়া হ’লে প্ৰাঞ্জলৰ মৃত্যু নহ’লহেঁতেন৷ প্ৰখৰ ৰ'দত প্ৰাঞ্জলে প্ৰায় চাৰিঘন্টা ধৰি বায়েকহঁতৰ বলেন' বাহনখনৰ ডিকিত সোমাই থকা বাবেই স্বাস-প্ৰস্বাসত অসুবিধা পাই গুৰুতৰভাৱে অসুস্থ হৈ পৰে আৰু পিছলৈ মৃত্যুক আকোঁৱালী লয়।

সংগঠন দুটাই প্ৰাঞ্জলৰ মৃত্যুৰ বিপৰীতে মাকুম থানাৰ অ' চিক জগৰীয়া কৰি তেওঁৰ নিলম্বনৰ দাবী তোলে ৷ লগতে ঘটনাটোৰ উচিত তথা নিৰপেক্ষ তদন্তৰো দাবী তোলে । প্ৰসংগক্ৰমে উল্লেখ্য যে মাকুম আৰক্ষীয়ে সঞ্জয় তাঁতীক ঘটনাৰ মূল অভিযুক্ত সাজি তেওঁৰ বিষয়ে খবৰ দিওঁতাক বিশ হেজাৰ টকা পুৰস্কাৰ ঘোষণা কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ ইফালে মাকুম ৰূপনগৰত যোৱা ২৫ এপ্ৰিলত সংঘটিত ঘটনাই অন্য মূৰ লোৱাত সচেতন মহল সচকিত হৈ পৰিছে ৷

শুকুৰবাৰে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া আৰক্ষী অধীক্ষকক প্ৰাঞ্জল মৰাণৰ মৃত্যু সন্দৰ্ভত এক স্মাৰক-পত্ৰ প্ৰদান কৰি উল্লেখ কৰে যে, প্ৰাঞ্জল মৰাণৰ মৃত্যু সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত যি দৰে দুবৃৰ্ত্তই আক্ৰমণ কৰি প্ৰাঞ্জল হত্যা কৰাৰ বিষয়ে প্ৰকাশ পাইছে সেয়া সঁচা নহয় ৷ প্ৰকৃততে প্ৰাঞ্জলক উক্ত দিনা কোনেও মাৰধৰ কৰাই নাছিল ৷ প্ৰাঞ্জলৰ মৃত্যু গাড়ীৰ ডিকিত কেইবাঘণ্টাজুৰি সোমাই থকাৰ বাবেহে মৃত্যু হৈছিল বুলি উল্লেখ কৰে ৷ স্মাৰক পত্ৰত লগতে উল্লেখ কৰিছে যে, প্ৰাঞ্জল মৰাণ নামৰ যুৱকজনে কেইবা বছৰ পূৰ্বে এক লাখ দহ হেজাৰ টকা মাকুম কলেজৰ নিচেই ওচৰৰ হেবেদা চাহ বাগিচাৰ নিবাসী সঞ্জয় তাঁতীৰ পত্নীৰ পৰা ধাৰে লয় কিন্তু উক্ত টকা ঘূৰাই নিদি পলাই ফুৰিছিল ৷

যোৱা ২৫ এপ্ৰিলত মাকুম মহাবিদ্যালয়ৰ কাষত শুকানপুখুৰীৰ এন এল আৰ গ্ৰান্টত থকা বায়েকৰ ভাড়া ঘৰত প্ৰাঞ্জল মৰাণে নিজৰ ভনীয়েকৰ লগত বেলেন’ গাড়ীত দিনৰ ভাগত উপস্থিত হয় ৷ উক্ত স্থানত সঞ্জয় তাঁতীৰ চিনাকি ব্যক্তিসকল দেখা পোৱাত বায়েকৰ চৌহদত প্ৰাঞ্জলে চলাই অনা বেলেন’ গাড়ীৰ ডিকিত প্ৰাঞ্জলক তেওঁৰ বায়েক আৰু ভনীয়েকে লুকুৱাই থয় ৷ গাড়ীৰ ডিকিত প্ৰায় কেইবাঘন্টাজুৰি সোমাই আত্মগোপন কৰি থকাৰ পাছত “বাই আৰু নোৱাৰিছো, বাই আৰু নোৱাৰিছো পানী লাগে, পানী লাগে” বুলি চিঞৰাত তেওঁৰ বায়েকে নিজৰ হাতত থকা চাবিৰ দ্বাৰা তেওঁলোকৰ পিতৃ-মাতৃৰ উপস্থিতিত গাড়ীৰ ডিকি খুলি সংকটজনক অৱস্থাত ডিকিৰ পৰা বাহিৰ কৰি মূৰত পানী ঢালি দিয়ে ৷ যিটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে বুলি স্মাৰক পত্ৰত উল্লেখ কৰে ৷

উক্ত সময়ত কাকপথাৰত থকা সঞ্জয় তাঁতীয়ে টকা পৰিশোধ নকৰি পলাই ফুৰা প্ৰাঞ্জল মৰাণ মাকুম কলেজৰ ওচৰত থকা কথাটো গম পাই লগে লগে মাকুমত উপস্থিত হৈ প্ৰথমে মাকুমৰ আৰক্ষী বিষয়াজনক বিষয়টো অৱগত কৰে ৷ মাকুম থানালৈ যোৱা সঞ্জয় তাঁতী থানাৰ চি.চি. কেমেৰাত প্ৰমাণ আছে ৷ তাৰপাছত ঘটনাস্থলীত উপস্থিত হৈ দেখে যে, প্ৰাঞ্জল মৰাণৰ শাৰীৰিক অৱস্থা সংকটজনক সেয়েহে তেওঁ ততাতৈয়াকৈ প্ৰাঞ্জল মৰাণৰ পিতৃ-মাতৃ আৰু স্থানীয় কিছু ব্যক্তি তথা সঞ্জয় তাঁতীৰ পুত্ৰ জিন্টু তাঁতীয়ে মাকুমৰ টাউনত থকা শৰ্মা হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

তিনিচুকীয়া অসামৰিক চিকিসালয়ৰ চিকিৎসকৰ পৰামৰ্শমতে ডিব্ৰুগড় মেডিকেললৈ নিবলৈ যো-জা কৰি থকা সময়তে প্ৰাঞ্জলৰ মৃত্যু হয় ৷ এই ঘটনাটোৰ বাবে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাই গভীৰ দুখ আৰু সমবেদনা জ্ঞাপন কৰিছে ৷ অসম চাহ জনগোষ্ঠী মহাসভাই অভিযোগ কৰে যে, ঘটনাৰ কোনোধৰণৰ চৰজমিন তদন্ত নকাৰাকৈ ঘটনাটো অন্য ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে ৷ স্থানীয় ৰাইজ আৰু প্ৰত্যক্ষদৰ্শীৰ মতে তাত কোনোধৰণৰ মাৰপিট আৰু কাজিয়া-পেচাল হোৱা নাছিল । তাৰ পাছতো তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য বৰাৰ নেতৃত্বত মাকুম আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়া চৰণ মোহন সিং চেতিয়াই একপক্ষীয়ভাৱে তদন্তৰ নামত সঞ্জয় তাঁতীৰ পত্নীৰ লগতে আন চাৰিগৰাকীক গ্ৰেপ্তাৰ কৰিছে ৷

অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিয়ে প্ৰাঞ্জল মৰাণৰ মৃত্যুত দুখ প্ৰকাশ কৰি তেওঁৰ পৰিয়ালে উচিত ন্যায় পোৱাতো কামনা কৰিছে। কিন্তু ন্যায়ৰ বাবে সকলো পক্ষ আৰু সাক্ষীৰ তন্ন তন্ন পৰীক্ষা-নিৰীক্ষা কৰি নিৰপেক্ষ তদন্তৰ যোগেদি প্ৰকৃত দোষী ব্যক্তিক কঠোৰ শাস্তি দিয়াৰ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে দাবী জনায় ৷ ঘটনাটোত একপক্ষীয়ভাৱে তদন্ত কৰা মাকুম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনৰ ঠাইত অন্য এজন আৰক্ষী বিষয়াৰ জৰিয়তে তদন্ত কৰা ব্যৱস্থা কৰাৰ বাবেও আহবান জনাই সংগঠনটোয়ে ।

আনহাতে সঞ্জয় তাঁতীয়ে এই ঘটনাৰ সবিস্তাৰে বৰ্ণনা কৰি আৰক্ষী সঞ্চালক প্ৰধানলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ৷ য’ত মাকুম আৰক্ষীৰ গাফিলতিৰ বাবেই প্ৰাঞ্জলৰ মৃত্যু হোৱা বুলি উল্লেখ কৰিছে ৷ কিয়নো উক্ত দিনা বাৰম্বাৰ আৰক্ষীক অৱগত কৰি থকাৰ পাচতো ঘটনাস্থলীলৈ আৰক্ষী যোৱা নাছিল ৷ পৰৱৰ্তী সময়ত প্ৰাঞ্জলৰ মৃত্যুৰ জগৰীয়া কৰি তেওঁৰে পৰিয়ালৰ ওপৰত আৰক্ষীয়ে জঁপিয়াই পৰা বুলি উল্লেখ কৰে।

"দলবদ্ধ আক্ৰমণত মৃত্যু হোৱা নাই মাকুমৰ প্ৰাঞ্জল মৰাণৰ"- সদৌ অসম তাঁতী যুৱ পৰিষদ...
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে অসম সাহিত্য সভাৰ বিশেষ আহ্বান...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in