/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/02fb5f7e-a2ab-4b1b-b3c9-6d583bc31b0d/Bomb.jpg)
তিনিচুকীয়াৰ মাকুমত বোমাতংক ।
মাকুম বাইপাছৰ উৰণীয়া সেতুৰ তলত উদ্ধাৰ বিস্ফোৰক।
প্ৰায় ১ কেজি ওজনৰ আই ই ডি উদ্ধাৰ কৰিছে সেনাই।
সমগ্র অঞ্চলটো ঘেৰি ৰাখিছে সেনাই ।
বাইপাছেৰে অহা-যোৱা সকলো বাহন বন্ধ কৰি দিছে সেনাই ।
ইয়াৰ মাজতে পথাৰৰ মাজত বিস্ফোৰণ ঘটালে আই ই ডি খিনি।
কোনে এই আই ই ডি খিনি উৰণীয়া সেতুৰ তলত ৰাখিছিল সেই বিষয়ে এতিয়াও কোনো তথ্য লাভ কৰা নাই।
সেনা, আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us