'নিমাতী কইনাৰ পৰিৱৰ্তে দিল্লীলৈ মোক পঠাওক, দেখাই দিম অসমতো সিংহ আছে'- লুৰীণজ্যোতি

দিল্লীত সিংহৰ দৰে গৰ্জন দিয়াৰ অংগিকাৰ
'নিমাতী কইনাৰ পৰিৱৰ্তে দিল্লীলৈ মোক পঠাওক, দেখাই দিম অসমতো সিংহ আছে'- লুৰীণজ্যোতি
'নিমাতী কইনাৰ পৰিৱৰ্তে দিল্লীলৈ মোক পঠাওক, দেখাই দিম অসমতো সিংহ আছে'- লুৰীণজ্যোতি

ডিজিটেল সংবাদ তিনিচুকীয়াঃ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে শাসক, বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে জোৰদাৰ প্ৰচাৰ অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে। শাসকীয় বিজেপি দলে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিপৰীতে সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ প্ৰাৰ্থীত্ব কৰ্তন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থীত্ব প্ৰদান কৰাত ইতিমধ্যে সোণোৱালে লোকসভা সমষ্টিটোত নিজৰ প্ৰচাৰ অভিযান যিদৰে আৰম্ভ কৰিছে তাৰ তুলনাত সমষ্টিটোত বিৰোধী ৰাজনৈতিক ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে প্ৰচাৰ অভিযান অধিক তুংগত ৰখা দেখিবলৈ পোৱা গৈছে।

১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া জিলাৰ তিনি বিধানসভা সমষ্টি ক্ৰমে তিনিচুকীয়া, নতুনকৈ গঠন হোৱা মাকুম আৰু ডিগবৈ সমষ্টিৰ গাঁৱে-ভূঞে আৰু চহৰে-নগৰে লুৰীণজ্যোতি গগৈয়ে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । আজি তিনিচুকীয়া নগৰৰ ৰঙাগড়া পথৰ দুৰ্গাবাড়ী হলত আয়োজিত এক সভাত অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে তথা বিৰোধী ৰাজনৈতিক ঐক্যমঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী গগৈয়ে তেওঁৰ বিজয় নিশ্চিত বুলিও আত্মবিশ্বাসেৰে মন্তব্য কৰে।

অসম জাতীয় পৰিষদৰ লগতে কংগ্ৰেছ, ৰাইজৰ দলকে মুখ্য কৰি বিৰোধী ৰাজনৈতিক মঞ্চৰ কেইবাশতাধিক ৰাইজৰ উপস্থিতত লুৰীণজ্যোতি গগৈয়ে সৰ্বানন্দ সোণোৱালক নিমাতী কন্যা আখ্যা দি মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা দিনতো সোণোৱালে অসম তথা অসমীয়াৰ স্বাৰ্থৰ হকে কোনো উল্লেখনীয় কাম নকৰিলে বুলি সোণোৱালক চোকা সমালোচনা কৰে ৷

সভাত গগৈয়ে কয়, সাম্প্ৰতিক সময়ত সকলোতকৈ অন্যায় কৰা ব্যক্তিগৰাকীয়েই হ'ল সৰ্বানন্দ সোনোৱাল। বিজেপি চৰকাৰৰ শাসনত বিভিন্ন সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি দুই-তিনিগুণ বৃদ্ধি পালে, বিদ্যুৎ মাচুল বৃদ্ধি পালে কিন্তু এইক্ষেত্ৰত মৌন হৈ থাকিল সৰ্বানন্দ সোণোৱাল ৷ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্রুতি দি গাদী পোৱাৰ পিছত ছয় জনগোষ্ঠীক চূড়ান্তভাৱে প্ৰতাৰণা কৰা হ'ল। অসম চুক্তি ৰূপায়ন কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিলে সোণোৱালে । বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ প্ৰতিশ্রুতি দি সেয়াও পাহৰিলে সোণোৱালে। গতিকে এনে এজন জন-প্ৰতিনিধিয়ে অসম তথা অসমীয়াৰ হৈ আগন্তুক দিনত কি কৰিব সেয়া স্পষ্ট হৈ পৰিছে। এতিয়া জনতাৰ বিদ্ৰোহ বাঢ়িছে বিজেপিৰ প্ৰতি ৷ মাথো হিতাধিকাৰীৰ ওপৰত নিৰ্ভৰ কৰি বিজেপি চৰকাৰ তথা দলটো চলি আছে ৷ আঁচনি আমাক লাগিব, কিন্তু অংগনবাড়ী কৰ্মীসকলে আজি নিজৰ প্ৰাপ্যৰ বাবে যুঁজিবলগা হৈ আছে ৷ ৰান্ধনীসকলক ১২০০ টকা দি আছে। ১২০০ টকাই আজিৰ দিনত এট মাহ পৰিয়াল চলিব পাৰে নে?

ইয়াৰোপৰি তেওঁ কয়, সোণোৱালে তেওঁৰ ঘৰৰ কাষত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ বিশ্ববিদ্যালয়ৰ কেৱল আধাৰশিলাহে স্থাপন কৰিলে। তাৰ বাদে আজিলৈকে একো কাম আগবঢ়া নাই৷ জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ কথা কৈ আমাৰ মাটি বাংলাদেশক দিলে। তাৎপৰ্যপূৰ্ণভাৱে অসমৰ ৮ লাখ মানুহৰ নিজা মাটি নাই ৷ এনেবোৰ বিষয়ত সদায়েই মৌন সোণোৱাল। তেখেতে অসমবাসীৰ ওচৰত প্ৰথমে ক্ষমা বিচাৰিব লাগে ৷ নিমাতী কইনাক সংসদলৈ পঠোৱাৰ বিপৰীতে মোক এবাৰ পঠাই চাওঁক ৷ গম পাব অসমতো সিংহ জীয়াই আছে। দিল্লীৱালাক দেখাই দিম আৰু অসমকো দেখোৱাম ৷ চাবি দিয়াৰ পুতলাৰ দৰে কেৱল নিজৰ চকীখন বচাবলৈ কান্দোনৰ অভিনয় কৰা সেইজনেই সোণোৱাল, যিজনে জাতীয় সংকতৰ সময়ত কান্দি কান্দি 'মোক একাষৰীয়া নকৰিব ৰাইজ' বুলি অসমবাসীৰ ওচৰত কৰজোৰ কৰিছিল।

লুৰীণজ্যোতিে ৰামেশ্বৰ তেলীৰ প্ৰসংগ উত্থাপন কৰি আৰু কয় যে, পূৰ্বৰ সাংসদগৰাকী পলায়ন কৰাৰ দিনাই আমাৰ প্ৰথম জয় হৈছে। আমাৰ হাতত ৬২ শতাংশ ভোট আছে। তিনি লাখ অসম জাতীয় পৰিষদৰ, তিনি লাখ বিশ হেজাৰ কংগ্ৰেছ আৰু নিৰ্দলীয় ত্ৰিশ হেজাৰ ভোট আমাৰ পক্ষত ৷ গতিকে মোৰ জয় নিশ্চিত ৷ নৰেন্দ্ৰ মোডী আহিলেও আমাক পৰাজয় কৰিব নোৱাৰে। আমি আজিৰ পৰাই ২৪ ঘণ্টাই কাম কৰিব লাগিব বুলি তেওঁ দলীয় কৰ্মকৰ্তাৰ লগতে বিৰোধী ঐক্যক আহ্বান জনায় ৷

'নিমাতী কইনাৰ পৰিৱৰ্তে দিল্লীলৈ মোক পঠাওক, দেখাই দিম অসমতো সিংহ আছে'- লুৰীণজ্যোতি
ডায়েট যোৰহাটত প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in