/asomiyapratidin/media/media_files/2025/03/29/XNiE2pjRoKnIwQAE2Ihn.jpg)
ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ শনিবাৰে ৰাতিপুৱাৰপৰা মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত ঐতিহাসিক লিডু মালু গাঁৱত বাস কৰা শ শ টাংচা সম্প্ৰদায়ৰ লোকে মালু গাঁৱত কয়লা ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে ধৰ্ণা প্ৰদৰ্শন কৰে। হাতে হাতে প্লে'কাৰ্ড লৈ উত্তৰ পূৱ কয়লাক্ষেত্ৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কপাই তুলে।
টাংচা সম্প্ৰদায়ৰ লোকসকলে জনাই যে বহু শতিকা পৰা ঐতিহাসিক লিডু আৰক্ষী চকীৰ অন্তৰ্গত মালু গাঁৱত তেওঁলোক বসবাস কৰি আহিছে। কিন্তু দুৰ্ভাগ্যবশত উত্তৰ-পূব কয়লাক্ষেত্ৰ ক'ল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটাৰ এই গাওঁখনত কয়লাৰ আৱৰ্জনা নিক্ষেপ কৰা আৰম্ভ কৰিছে যিয়ে স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
প্ৰতিবাদস্থলীত উপস্থিতি থকা সদৌ অসম টাংছা ছাত্ৰ সন্থাৰ সভাপতি নায়ুং মোচাঙে সংবাদমাধ্যমত জনাই যে ক'ল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটাৰ মেনেজমেণ্টে ঐতিহাসিক মালু গাঁৱক ডাম্পয়াৰ্ডলৈ পৰিবৰ্তন কৰিব বিচৰাটো অতি দুৰ্ভাগ্যজনক। আমি আমাৰ শৰীৰৰ শেষ টোপাল তেজ থকালৈকে আমি ইয়াৰ প্ৰতিবাদ কৰি যাম। আজিৰ প্ৰতিবাদৰ পাছত ক'ল ইণ্ডিয়া কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতিলক্ষনীয় হ'ব।