লামডিঙৰ ৰাজপথত বাগৰিল এল পি জি গেছ পৰিবাহী টেংকাৰ...

গুৰুতৰভাৱে আহত চালক

author-image
Asomiya Pratidin
New Update
লামডিঙৰ ৰাজপথত বাগৰিল এল পি জি গেছ পৰিবাহী টেংকাৰ...

লামডিঙৰ ৰাজপথত বাগৰিল এল পি জি গেছ পৰিবাহী টেংকাৰ...

ডিজিটেল সংবাদ লামডিংঃ লামডিঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন এল পি জি গেছ পৰিবাহী টেংকাৰ পথ দুৰ্ঘটনাত বাগৰি পৰাৰ ফলতে সংঘটিত হয় এই দুৰ্যঘটনা।

Advertisment

উল্লেখ্য যে, গুৱাহাটীৰ পৰা শিলচৰ অভিমুখী আছিল এই এল পি জি গেছ পৰিবাহী টেংকাৰ বাহনখন লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি আছে।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এম এন ০৬ টি ১২০৬। দুৰ্ঘটনাৰ ফলত বাহনখনৰ চালকগৰাকী গুৰুতৰভাৱে আহত হৈছে। অৱশ্যে তাতক্ষণিকভাৱে তেওঁক লামডিং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে চালকজনৰ অৱস্থা অতি গুৰুতৰ।

Also Read: ক্ৰিকেট বলিয়াৰ দেশত আজি এছিয়াৰ প্ৰাচীন ডুৰাণ্ড কাপৰ ফাইনেল...

পথ দুৰ্ঘটনা লামডিং