
ডিজিটেল সংবাদ,তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ মাকুম চহৰৰ কলাবাৰীত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । কলাবাৰী মছজিদৰ ইমাম তহজিবুল ইছলাম (৫২)ক হত্যাকাৰীয়ে চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ।
জানিব পৰামতে দেওবাৰে পুৱা প্ৰায় ৪-০০ বজাত ইমাম তহজিবুল ইছলামে আজান দিয়াৰ পৰৱৰ্তী সময়ত দোৱা আৰু নামাজ পঢ়িবলৈ যো-জা চলাওঁতেই হত্যাকাৰীয়ে মছজিদৰ ভিতৰত প্ৰৱেশ কৰি ইমামগৰাকীক এখন দাৰে আক্ৰমণ কৰি হত্যা কৰে। ইফালে আৰক্ষীৰ ক্ষীপ্ৰ তথা সূক্ষ্ম তদন্তত হত্যাকাণ্ডৰ কিছু ঘন্টাৰ পাছতেই অভিযুক্ত আৰক্ষীৰ জালত পৰে ।
উল্লেখ্য যে কাহিলি পুৱাতে সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডটোৰ সন্দৰ্ভত প্ৰাথমিক অৱস্থাত স্থানীয় ৰাইজে একো উমঘাম পোৱা নাছিল। কিন্তু কলাবাৰীৰে যুৱক ইব্ৰাহিম আহমেদ নামৰ যুৱকজনে হত্যাকাৰীক প্ৰত্যক্ষ কৰা বুলি সদৰি কৰে।
অৱশ্যে হত্যাকাৰীক চিনিব নোৱাৰিলে বুলি কোৱাত সকলোৱে ইব্ৰাহিমৰ কথাতেই পতিয়ন যায় আৰু হত্যাকাণ্ডটোক লৈ বিভিন্ন মনেসজা কাহিনী ৰাইজৰ মাজত বিয়পি পৰে । ইব্ৰাহিমে সংবাদ মাধ্যমৰ আগত প্ৰত্যক্ষদৰ্শী হিচাপে হত্যাকাণ্ডটোৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰে।
পিচে ইব্ৰাহিমেই যে ইমামৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল সেই কথা কোনেও ঘূণাক্ষৰেও গম পোৱা নাছিল বুলি চৰ্চা হৈছে। আৰক্ষীৰ তদন্তৰ অন্তত হত্যাকাণ্ডৰ প্ৰায় ২ ঘন্টাৰ পাছতেই অভিযুক্ত ইব্ৰাহিম আহমেদ (৩২)ক আৰক্ষীয়ে আটক কৰে ৷
এক সূত্ৰই সদৰি কৰামতে ইমব্ৰাহিমে এগৰাকী যুৱতীক ভাল পাইছিল আৰু তেওঁক নিজৰ আয়ত্বলৈ আনিবৰ বাবে ইমামৰ পৰা সন্মোহনী তাবিচ বিছাৰিছিল । উক্ত তাবিজ নোপোৱাৰ বাবেই ইব্ৰাহিমে ইমামক হত্যা কৰা বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে ।
অৱশ্যে ইমামক হত্যা সন্দৰ্ভত ইব্ৰাহিমে আৰক্ষীৰ আগত কি ভাষ্য আগবঢ়াইছে সেয়া জনা নাযায়। অৱশ্যে ইমাম হত্যাকাণ্ডৰে নাম সাঙোৰ খোৱা ইব্ৰাহিমে মছজিদৰ পৰা পলায়ন কৰা তথা ইব্ৰাহিমৰ পোচাকত তেজৰ দাগ প্ৰত্যক্ষ কৰিছিল কলাবাৰীৰে যুৱক মফিজুদ্দিন আলিয়ে ।
এই সূত্ৰৰ আঁত ধৰিয়েই ইব্ৰাহিমক জেৰা কৰি আৰক্ষীয়ে নিৰীহ ইমাম তহজিবুল ইছলামৰ হত্যাকাণ্ডৰে জড়িত ইব্ৰাহিমক গ্ৰেপ্তাৰ কৰে । তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাস আৰু মাকুম থানাৰ অ’চি ভাস্কৰ বৰুৱাৰ তৎপৰতাত ইতিমধ্যে জব্দ কৰা হৈছে হত্যাত ব্যৱহৃত দাখন ৷
উল্লেখ্য যে ইমামক হত্যা কৰাৰ পাছত ইব্ৰাহিমে নিজৰ পোছাক সলনি কৰি স্থানীয় ৰাইজৰ মাজত মিলি আছিল ৷ আনফালে বিহাৰৰ কিষাণগঞ্জৰ ইমামগৰাকীৰ মৃত্য সন্দৰ্ভত আৰক্ষীয়ে পৰিয়াললৈ খবৰ পঠোৱা বুলি জানিব পৰা গৈছে।