মাৰ্ঘেৰিটাৰ ৭টা মণ্ডলৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ কৰ্মশালা সম্পন্ন

মাৰ্ঘেৰিটাৰ ৭টা মণ্ডলৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ কৰ্মশালা সম্পন্ন

author-image
Asomiya Pratidin
New Update
মাৰ্ঘেৰিটাৰ ৭টা মণ্ডলৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ কৰ্মশালা সম্পন্ন

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ পাৱৈ মণ্ডলৰ পাৱৈ অসমীয়া মজলীয়া বিদ্যালয়ত মুঠ ৭ টা মণ্ডলৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ৫ দিনীয়া প্ৰশিক্ষণ শিবিৰ সম্পন্ন।

Advertisment

প্ৰশিক্ষণৰ অন্তিম দিনাৰ সামৰণি কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকে ইনথেম মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চিন্ময় চেতিয়া, মাৰ্ঘেৰিটাৰ যুৱ সংবাদক মানস প্ৰতিম গগৈ, শিবৰৰ সমল ব্যক্তি পল্লৱী গগৈ, হাচনাহানা সোনোৱাল, নৱজিৎ বাগলাৰী, মণ্ডল কেন্দ্ৰ সমন্বয়ক চবিৰ আহমেদ আৰু চানিয়া বৰুৱা।

শিবিৰ সমাপ্তিৰ উপলক্ষে অনুষ্ঠিত মুকলি সভাত হাতে লেখা স্মৃতি গ্ৰন্থ "সপ্ত-সাৰথি" উন্মোচন কৰে যুৱ সাংবাদিক মানস প্ৰতিম গগৈয়ে। এই ৫ দিনীয়া শিক্ষক কৰ্মশালাৰ জৰিয়তে নতুন শিক্ষা নীতি আধাৰত কি দৰে ছাত্ৰ ছাত্ৰী সকলক শিক্ষা প্ৰদান কৰা হ'ব সেই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

Also Read: কঠীয়াতলীত শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

education department of assam