মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নৈত মহিলাৰ মৃতদেহ উদ্ধাৰ

মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নৈত মহিলাৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বুঢ়ীদিহিং নদীত শনিবাৰে উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। দিনৰ ২ মান বজাত বুঢ়ীদিহিং নদীৰ পানীত বগা নীলা ৰঙৰ কাপোৰ পৰিহিত মহিলা গৰাকীৰ মৃতদেহ উপঙি থকা দেখি মাৰ্ঘেৰিটা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়।

আনহাতে মাৰ্ঘেৰিটা ২নং লাজুমৰ নিবাসী পুলিন দুৱৰাৰ পত্নী উষা দুৱৰা (৬৭) শুকুৰবাৰৰ পৰা ঘৰৰ পৰা ওলাই অহাৰ পাছত তেওঁৰ কোনো শুং সূত্ৰ পোৱা নাছিল। তাৰপাছত শনিবাৰে নদীৰ পানীত উদ্ধাৰ হোৱা মহিলা গৰাকীৰেই উষা দুৱৰা বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে।

ইতিমধ্যে ন্যায়াধীশৰ উপস্থিতিত মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াইছে। সম্ভ্ৰান্ত পৰিয়ালৰ বৃদ্ধা গৰাকীৰ কি পৰিস্থিতি মৃত্যু হ'ল সেই সম্পৰ্কে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। উষা দুৱাৰৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ‌ পৰে। উষা দুৱাৰই মৃত্যুৰ সময়ত স্বামী, ৩ গৰাকী জীয়ৰী এগৰাকী পুত্ৰ ইহ সংসাৰত এৰি থৈ যায়।

মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নৈত মহিলাৰ মৃতদেহ উদ্ধাৰ
গ্ৰহ, নক্ষত্ৰৰ অৱস্থান যথেষ্ট শক্তিশালীঃ এইবাৰ বিশ্বকাপত চেম্পিয়ন হ'ব ৰোহিত বাহিনী...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in