/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/be072dc6-bacb-47a2-b550-d931c92b064f/margherita_1.jpg)
মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসনৰ নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতা সভা সম্পন্ন
ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ ব্ৰিটিছ ঔপনিৱেশিক কালছোৱাতে প্ৰণয়ন হোৱা আওঁপুৰণি আইন সংশোধন কৰি যুগৰ লগত খাপ খোৱাকৈ ভাৰতৰ ন্যায়িক ব্যৱস্থাক উন্নত কৰি তোলা হৈছে। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশজুৰি আজিৰে পৰা এই নতুন ন্যায়িক ব্যৱস্থা কাৰ্য্যকৰি কৰিছে।
দেশৰ জনগণৰ মাজত এই নতুন আইনৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰ গ্ৰহণ কৰা হৈছে। মাৰ্ঘেৰিটাতো আজি মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসনৰ উদ্যোগত ভাৰত বৰ্ষৰ নতুন আইনৰ সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত কৰা হয়।
এই উদ্দেশ্যে আজি মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসনে মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ সভাগৃহত এক সজাগতা সভা অনুষ্ঠিত কৰে। উক্ত সজাগতা সভাৰ আঁতধৰে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1a2e1bd7-99b4-4ab3-a3cc-dd4de4792174/7a78d7ca-53aa-4ec7-baf7-60048be14168.jpg)
এই সজাগত সভাত উপস্থিত থাকে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ সম্ভাৱী মিশ্ৰা, মাৰ্ঘেৰিটা থানাৰ নাগৰিক সমিতিৰ সভাপতি সীমান্ত মাধৱ কটকী, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ ৰমেন হাজৰিকা, লিডু মহাবিদ্যালয়ৰ উপাধ্যক্ষ পবিত্ৰ গগৈ, মাৰ্ঘেৰিটা সত্ৰ ন্যায়িক আদালতৰ অধিবক্তা-ৰাকেশ গুপ্ত, সদৌ অসম গাওঁৰক্ষী সংগঠনৰ মাৰ্ঘেৰিটা মহকুমা উপঃ উপদেষ্টা বিকাশ বৰুৱা, মাৰ্ঘেৰিটা আৰক্ষী থানা সমিতিৰ সভাপতি ৰবিন ৰাজাসহ বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ উপৰিও অঞ্চলটোৰ বহু সংখ্যক গন্য মান্য ব্যক্তিৰ লগতে বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ ৰাইজ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6008b19f-7866-4eea-9ede-03e72b894b4e/9d2aca53-698f-4bf4-b442-ec9a90c3a78e.jpg)
Also Read: চিচি টেকেলিফুটা মথাউৰীত ব্ৰহ্মপুত্ৰৰ ভয়ানক উঁহ...