/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/36a18563-9557-4d3b-8628-aaea3b20d60c/dhokuakhana_1.jpg)
চিচি টেকেলিফুটা মথাউৰীত ব্ৰহ্মপুত্ৰৰ ভয়ানক উঁহ...
ডিজিটেল সংবাদ ঢকুৱাখনা: মুখলধাৰ বৰষুণৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰৰ বুকু উফন্দি উঠিছে । অভাবনীয় ভাবে বৃদ্ধি পোৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ ফলত নদীপৰিয়াৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে।
ব্ৰহ্মপুত্ৰৰ নদীপৰিয়া চিচি টেকেলিফুটা পকী পথ মথাউৰীৰ লোটাচুৰ, বাণ্ডানা আদি বিভিন্ন অংশত দুদিন ধৰি ভয়ংকৰ হাৰত সৃষ্টি হৈ আহিছে উঁহ। চিচি টেকেলিফুটা মথাউৰীৰ বাঘচুক অংশত প্ৰায় ৭ টা উঁহ, পাপুং অংশত ১০ টা উঁহ ওলাইছিল "কান্ত্রী চাইদত"।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9b199322-75a0-4bc2-a7d4-233409c1f2a3/040561b5-717a-4748-bdba-bd854a5b1f57.jpg)
জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়োৰ নেতৃত্বত দিনে নিশাই পহৰাৰত বিভাগীয় কষ্টসহিষ্ণু কৰ্মচাৰীসকলে স্থানীয় ৰাইজৰ সহযোগিতাত এনেবোৰ (বইলিং) পানীৰ উঁহ তৎপৰতাৰে মেৰামতি কৰি মথাউৰী অংশ সুৰক্ষিত কৰি তোলে। বিভাগৰ এনে সতৰ্কতা সমগ্ৰ মথাউৰীটোত অব্যাহত আছে।
বিভাগীয় শীর্ষ সূত্ৰই জনোৱা মতে সোমবাৰে পুৱা ৮ বজাত ঢকুৱাখনাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৯৩.৪৪ ছেণ্টিমিটাৰ আছিল। বিপদ সীমাৰ প্ৰায় ২ ছেণ্টিমিটাৰ ওপৰেদি প্ৰবাহিত হৈছিল ব্ৰহ্মপুত্ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/206853fd-e3c0-4346-a3ee-d10c18bb4a52/5ba8f3d3-1ebe-4678-a802-387e19aff500.jpg)
পৰৱৰ্তী সময়ত সোমবাৰে বিয়লি ২ বজাত সংগ্ৰহ কৰা তথ্য মতে প্ৰায় ১ ছেণ্টিমিটাৰ পানী হ্ৰাস পাইছে আৰু হ্ৰাস পোৱাৰ সম্ভাবনা আছে। সম্প্ৰতি বিপদ সীমাৰ প্ৰায় ১ ছেণ্টিমিটাৰ ওপৰেদি ব্ৰহ্মপুত্ৰ প্ৰবাহিত হৈ থকা অৱস্থাত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতাই মহকুমাটোৰ অন্তৰ্গত সমগ্ৰ মথাউৰীতো পৰিদৰ্শন কৰি স্পৰ্শকাতৰ অংশৰ পৰিস্থিতিৰ বুজ লৈ জলসম্পদ বিভাগৰ সতৰ্কতা আৰু তৎপৰতাৰ নিৰ্দেশ দিয়ে।
অন্যহাতে মথাউৰীৰ নদীপৰিয়া অৰ্থাৎ নদীৰ ফালে বাস কৰা টেকেলিফুটা, বগৰী, লোটাচুৰ, বৰবিল, কংকান চাপৰি, চৰণচুক, মদাৰগুৰি আদি গাঁৱৰ প্ৰায় ১০০ টা পৰিয়ালৰ ৪৮৮ গৰাকী বানৰ গ্ৰাসত পৰিছে। এনেবোৰ বানাক্ৰান্ত পৰিয়ালৰ মাজত দাইল, চাউল নিমখ, মিঠাতেল আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰিছে মহকুমা প্ৰশাসনে।
তাৰোপৰি মহকুমাটোৰ গাই, কুমতিয়া আৰু জীয়াঢলৰ বানৰ গ্ৰাসত পৰা সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত এন চি ত্ৰিশূল, নপাম কৈৱত্ৰ, লেজুৱা, চকলাগুৰি, কহৰাগুৰি আদি গ্ৰামাঞ্চলৰ মুঠ ১৫৪ টা পৰিয়ালৰ ৬৭৯ গৰাকী বানাক্ৰান্তৰ মাজত ঢকুৱাখনা মহকুমা প্ৰশাসনে চাউল, দাইল, মিঠাতেল, নিমখ আদি খাদ্য সামগ্ৰী যোগান ধৰিছে।
Also Read: ৩ নতুন আইন সন্দৰ্ভত বজালী জিলা আৰক্ষীৰ সজাগতা সভা...