/asomiyapratidin/media/media_files/2025/03/07/BywXUr4oDKtArotLrTKE.jpg)
ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ ক'ল ইণ্ডিয়া লিমিটেডৰ দক্ষ খনি অভিযন্তা তথা উত্তৰ পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ প্ৰাক্তন মুখ্য মহাপ্ৰবন্ধক অনিল কুমাৰ বৰাই ৭২ বছৰ বয়সত গুৱাহাটীৰ এখন চিকিৎসালয়ত আজি পুৱা ৪-৩০ বজাত চিকিৎসাধীন অবস্থাত ইহলীলা সম্বৰণ কৰে। তেখেতে মাৰ্ঘৰিটাত মুখ্য মহাপ্ৰবন্ধক ৰূপে কৰ্মৰত অৱস্থাত, ড০ ভূপেন হাজৰিকা শিশু উদ্যান, ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ "ক'ল মিউজিয়াম" প্ৰতিষ্ঠা কৰি থৈ যায়।
ইয়াৰোপৰি মাৰ্ঘেৰিটা নগৰত সত্ৰীয়া সংস্কৃতি কলা কৃষ্টী কেন্দ্ৰ নামৰ এখন বিদ্যালয় প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা লৈছিল। বৰ্তমানৰ গুৱাহাটীৰ লখৰা নিবাসী বৰাই মৃত্যুৰ সময়ত চিকিৎসক পত্নীসহ দুজন পুত্ৰ আৰু এগৰাকী বোৱাৰী ইহ সংসাৰত এৰি থৈ যায়।
বৰাৰ মৃত্যুত পূৰ্বোত্তৰ খাদান মজদুৰ সংঘ (বি.এম.এছ), মাৰ্ঘেৰিটা সত্ৰীয়া কলা কৃষ্টি কেন্দ্ৰ, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱ, পূৰ্বাঞ্চল নামঘৰ, মাৰ্ঘেৰিটা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থা, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।