/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
ডিজিটেল ডেস্ক: তিনিচুকীয়াৰ লংছোৱালৰ গুৰুকুল সমীপত দেওবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাৰ ফলত থিতাতে নহত হয় দুগৰাকী মহিলা। লগতে আহত আন দুগৰাকী মহিলা।
শদিয়া অভিমুখে একেদিশে গৈ থকা দুখনকৈ বাহনৰ মাজত সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। নিহত আৰু আহত মহিলা কেইগৰাকী আছিল শাক-পাচলিৰ ব্যৱসায়ী।
নিহত মহিলা দুগৰাকী শদিয়া ন-তৰাণী গাঁৱৰ বুলি জানিব পৰা গৈছে। আহতদ্বয়ক সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰা হয়।
ডুমডুমা আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰাৰ লগতে বলেৰ’ পিকআপ ভানখনসহ চালকক আটক কৰে আৰক্ষীয়ে।