ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত প্ৰতাৰণা, প্ৰতিবাদ টাই আহোম ছাত্ৰ সন্থাৰ…

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত প্ৰতাৰণা, প্ৰতিবাদ টাই আহোম ছাত্ৰ সন্থাৰ…

author-image
asomiyapratidin
New Update
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত প্ৰতাৰণা, প্ৰতিবাদ টাই আহোম ছাত্ৰ সন্থাৰ…

ডিজিটেল সংবাদ, তিনিচুকীয়া: :- ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগক লৈ উজনি অসম উত্তপ্ত হোৱাৰ আশংকা কৰা হৈছে । শেহতীয়াকৈ ছয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিক গুৱাহাটীলৈ আমন্ত্ৰণ জনাই ৰাজ্য চৰকাৰে চূড়ান্তভাৱে প্ৰতাৰণা কৰাক কেন্দ্ৰ কৰি ক্ষোভত ফাটি পৰিছে জনগোষ্ঠীয় সংগঠনসমূহ ।

Advertisment

জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত মৰাণ, মটক, আহোম, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোঁচ ৰাজবংশীয় জনগোষ্ঠীৰ সংগঠনসমূহে বছৰ বছৰ ধৰি ৰাখিছে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰখাৰ পিছতো কোনো এখন চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ নকৰিলে ।

বৰঞ্চ ইয়াৰ বিপৰীতে নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত শাসনভাৰ পালেই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসন পোৱাৰ পিছত পিঠি দি জনগোষ্ঠীকেইটাক চূড়ান্ত অপমান তথা উপহাস কৰি আহিছে । সংগঠনসমূহৰ নেতৃবৃন্দৰ সৈতেও জনজাতিকৰণ সন্দৰ্ভত বহুবাৰ আলোচনাত মিলিত হৈছে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি । এই আলোচনাসমূহতো ৰাজ্য চৰকাৰসমূহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আগুৱাই নিয়াৰ আশ্বাস প্ৰদান কৰি আহিছে । পিছে পৰৱৰ্তী সময়ত সেয়াও ফুটুকাৰ ফেন হৈ পৰে ।

মুঠৰ ওপৰত প্ৰতিখন চৰকাৰেই জনজাতিকৰণৰ নামত ছয় জনগোষ্ঠীৰ ৰাইজক আভুৱা ভাৰি চূড়ান্তভাৱে বিশ্বাসঘাটকতা কৰি আহিছে । শেহতীয়াকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বিছমুতিয়াৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতি

মঙলবাৰে সংগঠনটোৱে তিনিচুকীয়াৰ থানা চাৰিআলিত ছানচুমা খুংগুৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদস্থলীৰ পৰা টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইয়ে প্ৰাক্তন সাংসদ ছানচুমা খুংগুক সকীয়নি প্ৰদান কৰি কয় যে দীৰ্ঘদিনৰ পৰা জনজাতিকৰণৰ দাবীত টাই আহোমসকলৰ লগতে ছয় জনগোষ্ঠীয়ে আন্দোলন কৰি আহিছে। কিন্তু ছানচুমা খুংগুৰ দৰে কিছু ব্যক্তিৰ কাৰণে ছয় জনগোষ্ঠীয়ে ন্যাৰ্য প্ৰাপ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত এতিয়ালৈকে কোনোধৰণৰ সন্তোষজনক পদক্ষেপ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। ইয়াকে লৈ ছয়জনগোষ্ঠী তীব্ৰ অসন্তুষ্টিৰ মাজত থকাৰ মাজতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত প্ৰাক্তন সাংসদগৰাকীয়ে আগবঢ়োৱা মন্তব্যই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আৰু অধিক জটিল কৰি তুলিছে । প্ৰাক্তন সাংসদগৰাকীক তদ্ৰুপ মন্তব্য নকৰিবলৈ আমি সকিয়াই দিছো ।

তেওঁ টাই আহোমক অনতিবিলম্বে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী জনায় ৷ অন্যথাই ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে । স্মৰ্তব্য যে প্ৰাক্তন সাংসদগৰাকীয়ে কালি বড়োলেণ্ডত আহ্বান জনোৱা এক সংবাদমেলত ছয় জনগোষ্ঠীক জনজাতিকৰণ দিলে অসমত অশান্তিৰ পৰিৱেশ বিৰাজ কৰিব বুলি মন্তব্য কৰি ছয়জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিলে ইতিপূৰ্বৰ জনজাতিসকলৰ অধিকাৰ খৰ্ব কৰা হ'ব বুলিও উল্লেখ কৰিছিল ।

আৰু পঢ়ক: মহানগৰীত ভয়ংকৰ ঘটনা; ৪ দিন ধৰি কোঠাত আৱদ্ধ ৰাখি যুৱতীক বলাৎকাৰ…

assam protest tinsukia