/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/tinsu.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া :- ৰাজ্য চৰকাৰে তৃতীয় শ্রেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ত ইংৰাজীত পাঠদানৰ বিপৰীতে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে । বুধবাৰে পৰিষদৰ উদ্যোগত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গণ-অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি উক্ত দুই বিষয়ত ইংৰাজীত পাঠদানৰ সিদ্ধান্ত বাতিল কৰিবলৈ অসম চৰকাৰক দাবী জনায় ।
প্ৰতিবাদৰ অন্তত পৰিষদে এক দাবী সম্বলিত স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে । স্মাৰক-পত্ৰৰ জৰিয়তে তৃতীয়মান শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান দিয়াৰ সিদ্ধান্ত বাতিল কৰা, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত প্ৰাথমিক বিদ্যালয়সমূহত মাতৃভাষাৰ মাধ্যমত শিক্ষাদানৰ ব্যৱস্থা কৰা, প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শ্ৰেণীয়ে প্ৰতি শিক্ষকৰ ব্যৱস্থা কৰা আৰু প্ৰতি পাঁচ কিলোমিটাৰ দূৰত্বত বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰিবলৈ দাবী জনোৱা হয় ।
আজিৰ কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক গিৰিণ সোণোৱাল আৰু কাৰ্যনিৰ্বাহক সদস্য যদু সোণোৱাল উপস্থিত থাকি অসমীয়া ভাষাৰ সংকটৰ সন্ধিক্ষণতে ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তই অসমতে অসমীয়া ভাষাক এলাগী কৰা বুলি ক্ষোভ ব্যক্ত কৰে ।
আৰু পঢ়ক: লংকাত জঘন্য কাণ্ড, ফুচুলাই নি ধৰ্ষণ কলেজীয়া ছাত্ৰীক…