/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া:- তিনিচুকীয়া জিলাৰ নলনী চাহ বাগিছাৰ প্ৰায় ৩৫ বিঘা ভূমি অধিগ্ৰহণ কৰি চাহগছ উচ্ছেদেৰে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ইয়াৰ আশে-পাশে থকা তৈল খাদসমূহৰ পৰা খাৰুৱা তেল সংৰক্ষণৰ হেতু অ'চিএছ স্থাপনৰ যো-জা চলোৱাক কেন্দ্ৰ কৰি ক্ষোভত ফাটি পৰিছে বাগিছাখনৰ শ্ৰমিক । ইফালে বাগিছাখনত অ'চিএছ স্থাপনৰ বাবে মালিকপক্ষৰ লগতে জিলা প্ৰশাসনক হেঁচা প্ৰয়োগ কৰা বুলিও অভিযোগ উঠিছে ।
এনে প্ৰেক্ষাপটত অইল কৰ্তৃপক্ষই চাহগছ ধ্বংস কৰি চাহ শ্ৰমিকক পেটে-ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ দোহাই দি বাগিচাখনৰ অসম চাহ মজদুৰ সংঘৰ প্ৰাথমিক গোট আৰু চাহ কৰ্মচাৰী সংঘৰ সহযোগত শ শ শ্রমিকে আজি অইল ইণ্ডিয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী শ্ৰমিকসকলে 'অইল ইণ্ডিয়া মুৰ্দাবাদ, নলনী চাহ বাগিচাত অইলৰ অ'চিএছ স্থাপন কৰিবলৈ দিয়া নহ'ব, বিজেপি চৰকাৰ হুচিয়াৰ, চাহশিল্প ধ্বংস হ'বলৈ দিয়া নহ'ব' আদি বিভিন্ন শ্ল'গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে ।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক তথা কেন্দ্ৰীয় কাৰ্যালয়ৰ উপ-সভাপতি ৰাজু চাহুৱে উল্লেখ কৰি কয় যে অইল ইণ্ডিয়া কৰ্তৃপক্ষই হ'ওঁক কিম্বা ৰাজ্যৰ বিজেপি চৰকাৰখনেই হ'ওঁক অসমৰ প্ৰায়সংখ্যক চাহ বাগিছাৰ ভূমি অন্যায়ভাৱে অধিগ্ৰহণ কৰি চাহগছৰ উচ্ছেদ অভিযানত লিপ্ত হৈ সহজ-সৰল চাহ শ্রমিকৰ জীৱন-জীৱিকালৈ অশনি সংকেত কঢ়িয়াই আনিছে ।
সম্প্ৰতি বিশ্ববিখ্যাত অসমৰ চাহ শিল্প চৰম সংকটত ভুগিছে । বিভিন্ন উদ্যোগ নিৰ্মাণৰ নামত অথবা তৈলখাদ স্থাপনৰ নামত চাহ বাগিছাসমূহ এফালৰ পৰা ধ্বংস কৰা হৈছে । যিটো গতিত চাহ বাগিছাসমূহ ধ্বংস কৰা হৈছে এটা সময়ত অসমৰ গৌৰৱজড়িত এই চাহশিল্প স্মৃতিৰ গৰাহত বিলীন হ'ব । সেইদৰে চাহ শ্ৰমিকৰ ৰোজগাৰ বন্ধ হৈ এক অভাৱনীয় সংকট আহি পৰিব । শাসনাধিস্থিত বিজেপি চৰকাৰখনে কেৱল সহজলভ্য চাহ বাগিছাৰ মাটিক 'চফট টাৰ্গেট' কৰি বিভিন্ন পৰিকল্পনা হাতত লোৱা পৰিলক্ষিত হৈছে ।
ইতিমধ্যে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ধেলাখাত, লিম্বুগুৰি, খামতিগোৱালী, হাতীআলি, আহমেদী, শিয়ালকটী, শুকানপুখুৰী, দিনজান, বালিজান নর্থ, নাদুৱা, খাৰজান, ডিকম আদি চাহ বাগিছাত অইল কর্তৃপক্ষই বাগিছাৰ চাহগছ উচ্ছেদ কৰি অইলৰ তৈলখাদ স্থাপনেৰে মুনাফা লুটি আছে যদিও পৰিতাপৰ কথাটো হ'ল বিগত সময়ছোৱাত অইল ইণ্ডিয়াই শ্রমিকৰ কল্যাণৰ বিপৰীতে কোনোধৰণৰ আঁচনি গ্ৰহণ কৰা নাই ।
দুৰ্ভাগ্যজনক ভাৱে ক্ষতিগ্রস্ত শ্রমিকসকলক উপযুক্ত সাহাৰ্য কিম্বা কোনোধৰণৰ কৰ্মসংস্থাপন দিয়া নাই অইল কৰ্তৃপক্ষই । অইল ইণ্ডিয়াৰ লগতে শাসনাধিস্থিত বিজেপি চৰকাৰেও শ্রমিকসকলৰ অদূৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি শ্ৰমিকৰ জীৱন-জীৱিকাৰ সৈতে হেতালি খেলা বুলি প্ৰমাণিত হৈছে ।
নলনী চাহ বাগিছাৰ খালী পতিত ভূমি অধিগ্ৰহণ কৰাৰ পৰিৱৰ্তে চাহগছ ধ্বংস কৰি অইলে অ'চিএছ নির্মাণ কৰিবলৈ লোৱা পদক্ষেপ কোনোপধ্যেই যুক্তিসংগত হ'ব নোৱাৰে বুলি ৰাজু চাহুৱে প্ৰকাশ কৰি বাগিছাখনত বহু বিঘা পতিত খালী মাটি আছে যদিও অইল কৰ্তৃপক্ষই নিজৰ সুবিধাৰ বাবে চাহগছ উচ্ছেদ কৰি অ'চিএছ স্থাপন কৰিবলৈ প্ৰশাসনক হেঁচা প্ৰয়োগ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।
অইলৰ এনে হঠকাৰী সিদ্ধান্ত অসম চাহ মজদুৰ সংঘই কেতিয়াও মানি নলয় বুলি তেওঁ স্পষ্ট কৰি চাহগছ ধ্বংসেৰে বাগিছাৰ মাটিত কোনো কাৰণতে অ'চিএছ নির্মাণ কৰিবলৈ দিয়া নহ'ব বুলি অইলক সকিয়াই দিয়ে । লগতে ডলু চাহ বাগিছাৰ ২৫০০ বিঘা মাটিৰ চাহগছ উচ্ছেদ কৰাৰ দৰে নলনী বাগিছা ধ্বংস কৰাৰ চিন্তা পৰিহাৰ কৰিবলৈও তেওঁ অইল ইণ্ডিয়াৰ লগতে বিজেপি চৰকাৰৰ সকিয়নি দি ইয়াৰ অন্যথাই চাহ মজদুৰ সংঘ কঠোৰ হ'বলৈ বাধ্য হ'ব বুলি হুংকাৰ দিয়ে ।
আৰু পঢ়ক: কেৱল প্ৰতিবাদেই নহয়, একনাথ বাহিনীক অসম এৰি যাবলৈ পত্ৰও লিখিলে APCCৰ সভাপতি ভূপেন বৰাই…