/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/df.png)
ডিজিটেল ডেস্ক, তিনিচুকীয়া:– যিটো সময়ত ১০০ শতাংশ থলুৱা নিযুক্তিৰ দাবীৰে যুৱ-ছাত্ৰ পৰিষদ, আছুকে ধৰি ৰাজ্যৰ সক্ৰিয় সংগঠনসমূহে অসম চৰকাৰক দাবী জনাই আহিছে তেনে সময়তে শাসনাধিস্থিত বিজেপি চৰকাৰে থলুৱাবিৰোধী স্থিতি গ্ৰহণ কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ পোহৰলৈ আহিছে ।
উল্লেখ্য যে, শুকুৰবাৰে সুদূৰ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা দুজন যুৱকে তিনিচুকীয়া জিলাৰ ভিতৰুৱা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিবলৈ অহা এক খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
জানিব পৰা মতে, সন্দীপ চন্দাৰ (ভিৱানী, হাৰিয়ানা) আৰু কৃষ্ণন কুমাৰ( জট্টাৰী, আলিগড়, উত্তৰ প্ৰদেশ )নামৰ এই যুৱক দুজনে শিক্ষকতাৰ চাকৰিত যোগদান কৰিবলৈ আজি জিলাখনৰ কাকপথাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যলয়ত উপস্থিত হয় ।
দুয়োৰে হাতত গুৱাহাটী কাহিলিপাৰাস্থিত ইলেমেন্টেৰি এডুকেশ্বচৰ সঞ্চালকৰ নিৰ্দেশনা-পত্ৰ । ইয়াৰে সন্দীপ চন্দাৰক কাকপথাৰৰ ভিতৰুৱা ১ নং হাতীগড় প্ৰাথমিক বিদ্যালয় আৰু কৃষ্ণন কুমাৰক কাছিজান প্ৰাথমিক বিদ্যালয়ত যোগদানৰ নিৰ্দেশ দিয়াত দুয়ো কাৰ্যলয়টোত উপস্থিত হয় । এই দুইখন বিদ্যালয় ভূমিপুত্ৰ মৰাণসকলৰ অধ্যুষিত এলেকাত অৱস্থিত ।
ইফালে বিশেষ সূত্ৰৰ পৰা বিষয়টো জানিব পাৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা আৰু কাকপথাৰ আঞ্চলিক সমিতিৰ একাংশ কৰ্মকৰ্তাই কাৰ্যলয়টোত উপস্থিত হৈ যুৱক দুজনক আবদ্ধ কৰাৰ লগতে যোগদানত বাধা প্ৰদান কৰে । তেওঁলোকে যুৱক দুজনক সোধা-পোচ কৰি আৰু বহু যুৱক অসমৰ বিদ্যালয়ত যোগদান কৰিবলৈ আহিব বুলি জানিব পাৰে ।
যুৱ-ছাত্ৰ পৰিষদৰ জিলা সভাপতি সোণমনি চলিহাই বিষয়টোৰ সন্দৰ্ভত জানিবলৈ দি কয় যে অসমীয়া ভাষাৰ ওপৰত যুৱকদুজনৰ নূন্যতমো জ্ঞান নাই । তেনেস্থলত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ বিপৰীতে তেওঁলোকে কি পদ্ধতিৰে শিক্ষকতাৰ চাকৰি লাভ কৰিলে সেইটো আচৰ্যকৰ তথা চিন্তনীয় বিষয় । তাতে অসমৰ বাহিৰৰ যুৱক ।
সন্দেহৰ আৱৰ্তত সোমাই পৰা এই নিযুক্তি প্ৰসংগক লৈ নেতাগৰাকীয়ে জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকীৰ লগতে শিক্ষা বিভাগৰ সঞ্চালকগৰাকীক মোবাইলেৰে যোগাযোগ কৰে যদিও তেওঁলোকে বিষয়টো স্পষ্ট কৰি নিদি গা-এৰা দিয়ে তথা দুষ্টবুদ্ধিৰ আশ্রয় লয় ।
যুৱ-ছাত্ৰ নেতা চলিহাই ক্ষোভেৰে কয়, "যি সময়ত আমি এশ শতাংশ থলুৱা নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাই আহিছো তেনে সময়ত ৰাজ্যৰ শিক্ষা বিভাগে অসমৰ বিদ্যালয়ত বহিৰাগতক নিযুক্তি দিবলৈ ক'ত সাহস পালে ? জাতি-মাটি-ভেটি ৰক্ষাৰ বচন আওঁৰোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত এয়া কি সংঘটিত হৈছে ? আমি এই নিযুক্তিৰ উচিত তদন্ত বিছাৰিছো । আৰু অসমৰ সকলো ক্ষেত্ৰৰ নিযুক্তি প্ৰক্ৰিয়াত বহিৰাগতৰ অংশগ্ৰহণ আমি কদাপি মানি নল'ওঁ । যোগদানত বাধা প্ৰদান কৰি যাম । অসমীয়া ভাষাৰ নূন্যতম জ্ঞান নথকা শিক্ষকে কিদৰে আমাৰ উঠি অহা প্ৰজন্মক মাতৃভাষাৰ শিক্ষা দিব ? চৰকাৰে যদিহে বহিৰাগতৰ এই নিযুক্তি প্ৰক্ৰিয়াত বাধা আৰোপ নকৰে তেন্তে আমি হাত সাৱটি বহি নাথাকো । ৰাজ্যজুৰি ব্যাপক গণ-আন্দোলনেৰে ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিম" বুলি নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে ।
এক সূত্ৰে সদৰি কৰা মতে তিনিচুকীয়া জিলাত এইধৰণে মুঠ ৮ গৰাকী বহিৰাগতই জিলাৰ বিভিন্ন প্ৰাথমিক বিদ্যালয়ত যোগদান কৰিব । পিছে কি পৰীক্ষাত অৱতীৰ্ণ হৈ অসমীয়া ভাষাৰ ওপৰত সম্যক জ্ঞান নথকা এইসকল বহিৰাগতই অসমীয়া মাধ্যমৰ বিদ্যালয়ত যোগদানৰ নিৰ্দেশনা পালে সেই বিষয়ে কোনো স্পষ্ট নহয় ।
বিষয়টো সন্দৰ্ভত জানিবৰ বাবে এই প্ৰতিবেদকেও জিলা প্ৰাথমিক শিক্ষা বিষয়া বিন্টি শৰ্মাক কেইবাবাৰো সংযোগ স্থাপনৰ চেষ্টা কৰা হৈছিল যদিও বিষয়াগৰাকীয়ে সঁহাৰি জনোৱাৰ সৌজন্যতা প্ৰদৰ্শন নকৰিলে । আনফালে বহিৰাগতৰ এই নিযুক্তি প্ৰসংগক লৈ জিলাখনৰ বৌদ্ধিক মহলত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । লগতে সকলোৱে আচৰ্য প্ৰকাশ কৰিছে ।
ৰাজ্যত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে এইদৰে ৰাজ্যৰ বাহিৰৰ যুৱকে চাকৰিত যোগদান কৰিবলৈ অহা কাৰ্যক মহলটোৱে কোনোপধ্যেই মানি ল'ব বিছৰা নাই । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে শিক্ষামন্ত্ৰীক বিষয়টো স্পষ্ট কৰিবলৈ দাবী জনাইছে ।