/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/flood-q.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া: বিগত এমাহ ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণে চৌদিশে প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ বাঢ়নী পানীয়ে তিনিচুকীযা জিলাৰ মাজেৰে প্ৰৱাহিত হৈ যোৱা নৈ-উপনৈ, জান-জুৰি, খাল-বিল আদি উপচাই পেলাইছে ।
ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানৰ । নেৰানেপেৰা বৰষুণৰ ফলত তিনিচুকীয়া জিলাৰ উত্তৰ-পূৱ দিশে বৈ যোৱা ডিব্ৰু নৈৰ জলপৃষ্ঠ ভয়ংকৰভাৱে বৃদ্ধি পাব লাগিছে । ফলত তিনিচুকীয়াৰ গুঁইজান ঘাটৰ দাঁতি কাষৰীয়া অঞ্চলসমূহ ক্ৰমান্বয়ে জলমগ্ন হ'বলৈ আৰম্ভ কৰিছে।
বাঢ়নী পানী আৱাসস্থলত প্ৰৱেশ কৰাত এক জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিছে নৈপৰীয়া বাসিন্দাসকল। ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে প্ৰত্যেক বছৰে গুঁইজান আৰু ইয়াৰ কাষৰীয়া গাঁওবাসীক জ্বলা-কলা খোৱাই অহাৰ লগতে প্ৰচুৰ ক্ষতিসাধন কৰি আহিছে । কিন্তু এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে আজি পৰ্যন্ত ৰাজ্য চৰকাৰ অথবা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰবাবে স্থানীয় বাসিন্দাসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ।
ইফালে এইপৰ্যন্ত কোনো চৰকাৰী তথা প্ৰশাসনিক বিষয়াই বানপীড়িতৰ খবৰ লোৱা নাই বুলি ৰাইজে অভিযোগ তুলিছে । ইফালে ঘৰচীয়া জীৱ-জন্তুৰ বিপৰীতে খাদ্যৰ অভাৱ হোৱা বুলি জানিবলৈ দিছে ৷ পোহনীয়া জীৱ-জন্তুৰ কাৰণে হাইলেণ্ডৰ প্ৰয়োজন আছে যদিও সেই সমস্যা সমাধানটো ৰাজ্য চৰকাৰ কিম্বা জিলা প্ৰশাসনৰ উদ্যোগ নাই বুলিও ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷
ইফালে গুইজান আৰক্ষী চকীত বাঢ়নী পানী প্ৰৱেশ কৰাত নগুৰ-নাকটি হৈছে বিষয়া-জোৱানসকলৰ । উল্লেখ্য ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে গুইজানৰ লগতে ইয়াৰ নিকটৱৰ্তী নতুন গাঁও, বালিজান, কলিয়াপানী আদি কেইবাখনো গাঁও আৰু ৰঙাগড়া চাহ বাগিচা বুৰাই পেলাইছে । স্মৰ্তব্য যে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শাসনকালত ডিব্ৰু নৈৰ বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধানৰ কল্পে প্ৰায় ১৮ কোটি টকাৰ এক অভিলাষী প্ৰকল্প গ্ৰহণ কৰা হৈছিল যদিও সেই প্ৰকল্পৰ কাম চালুকীয়া গতিত অব্যাহত আছে ।