/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d1f8c104-b7d3-4e82-9d25-c91b05353eb2/wijijijd.jpg)
ডিজিটেল সংবাদ,তিনিচুকীয়া: নতুন বছৰৰ প্ৰাকক্ষণত তথা দুৰ্ঘটনামুক্ত ৩১ ডিচেম্বৰৰ লক্ষ্যৰে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আৰক্ষী-আবকাৰী বিভাগে। জিলা উপায়ুক্তই নিৰ্দেশ দিয়াৰ পাছতে বুধবাৰে তিনিচুকীয়া সদৰ আবকাৰী পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত যোৱা আবকাৰীৰ দল আৰু তিনিচুকীয়া সংৰক্ষিত আৰক্ষীৰ এটি সশস্ত্ৰ দলে অভিযান চলায়।
বাৰেকুৰিৰ লেচেংকা, বিহিয়াটিং, মাকুম থানা এলেকাৰ লোহাৰী বঙালী গাঁও আৰু বৰডুবি এলেকাৰ বৰজান মহাকালীত মুঠ পাঁচটা স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ চুলাই মদ আৰু চুলাই প্ৰস্তুত কৰা গেলাপাছ নষ্ট কৰে । অভিযানকালত দলটোৱে প্ৰায় ৪০ লিটাৰ চুলাই মদ আৰু প্ৰায় ২৭০০ লিটাৰ চুলাই প্ৰস্তুত কৰা গেলাপাছৰ লগতে সুৰা প্ৰস্তুতত ব্যৱহৃত ভালেসংখ্যক সা-সৰঞ্জাম কাটি-ভাঙি নষ্ট কৰে বুলি বিভাগটোৱে এক বিবৃতিত সদৰি কৰে ।
আৰু পঢ়ক: উচ্ছেদিত পৰিয়ালৰ মাজত কম্বল বিতৰণ সমাজকৰ্মী জিয়াউল ইছলামৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us