তিনিচুকীয়া পৌৰসভাত অব্যাহত থকা নৈৰাজ্যবাদক লৈ তিনিচুকীয়া ব্লক কংগ্ৰেছৰ সংবাদমেল...

তিনিচুকীয়া পৌৰসভাত অব্যাহত থকা নৈৰাজ্যবাদক লৈ তিনিচুকীয়া ব্লক কংগ্ৰেছৰ সংবাদমেল। মন্ত্ৰী সঞ্জয় কিষাণৰ হস্তক্ষেপৰ বাবেই পৌৰসভাত বিদ্ৰোহৰ অগনি জ্বলাৰ অভিযোগ
তিনিচুকীয়া পৌৰসভাত অব্যাহত থকা নৈৰাজ্যবাদক লৈ তিনিচুকীয়া ব্লক কংগ্ৰেছৰ সংবাদমেল...

ডিজিটেল সংবাদ, তিনিচুকীয়া : তিনিচুকীয়া পৌৰসভাৰ আভ্যন্তৰীণ কন্দলে চূড়ান্ত ৰূপ পোৱাৰ সময়তে তিনিচুকীয়া ব্লক কংগ্ৰেছে শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ হস্তক্ষেপৰ বাবেই পৌৰসভাত বিদ্ৰোহৰ অগনি জ্বলা বুলি তাৎপৰ্যপূৰ্ণ অভিযোগ উত্থাপন কৰে ।

ইয়াৰ কংগ্ৰেছ ভৱনত আহ্বান জনোৱা সংবাদমেলৰ আঁত ধৰি প্ৰাক্তন বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰাজু চাহুৱে পৌৰসভাত অব্যাহত থকা নৈৰাজ্যবাদৰ বাবেই তিনিচুকীয়া চহৰৰ উন্নয়ন স্থৱিৰ হৈ পৰা বুলি মন্তব্য কৰে ।

তেওঁ কয়, কেন্দ্ৰটো বিজেপিৰ চৰকাৰ, ৰাজ্যতো বিজেপিৰ চৰকাৰ । এনে প্ৰেক্ষাপটত তিনিচুকীয়া পৌৰবাসীয়ে চহৰখনৰ অভূতপূৰ্ণ উন্নয়নৰ কামনা কৰি পৌৰ নিৰ্বাচনত বিজেপিৰ সপক্ষে ভোটদান কৰি একক সংখ্যাগৰিষ্ঠ আসনত জয়যুক্ত কৰাই ব'ৰ্ড গঠনৰ সুবিধা প্ৰদান কৰিছিল ।

কিন্তু কেইটামান দিন অতিক্ৰম কৰোতেই পৌৰসভাৰ অভ্যন্তৰত সংঘাত আৰম্ভ হ'ল । স্তব্ধ হৈ পৰিল উন্নয়ন । সঞ্জয় কিষাণ ৰাজ্য চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী। তেনেস্থলত তেওঁ নিজৰ সমষ্টিৰ লগতে সমগ্ৰ অসমখনক চকু দিব লাগে । কিন্তু তেওঁ কেৱল পৌৰসভাত সোমাই থাকে ।

এনে কি আছে পৌৰসভাত বুলি চাহুৱে প্ৰশ্ন উত্থাপন কৰি এজাক বৰষুণতে তিনিচুকীয়া চহৰৰ অধিকাংশ এলেকা পানীত ডুব যায়, নলা-নৰ্দমা জাবৰ-জোঁথৰে বন্ধ কৰি ৰাখিছে, পদপথসমূহ বিধস্ত হৈ পৰিছে, চহৰখনৰ অধিকাংশ বাট-পথ শোচনীয় হৈ পৰিছে, জাৱৰ সংগ্ৰহৰ নামত কৰ সংগ্ৰহ কৰা হৈছে।

চহৰখনৰ অলিয়ে-গলিয়ে জাবৰৰ দম দেখিবলৈ পোৱা গৈছে বুলি উল্লেখ কৰি এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত পৌৰসভাই মনোনিৱেশ কৰিব লাগে যদিও তাকে নকৰি আভ্যন্তৰীণ কন্দলত মচগুল হৈ আছে বুলি চাহুৱে সমালোচনা কৰে ।

ব্লক কংগ্ৰেছৰ সভাপতি অৰূপ দাসে কয়, যিজন সঞ্জয় কিষাণে জয়ন্ত বৰুৱাক পৌৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব দিয়াত আগভাগ লৈছিল, ধনে-জনে নিৰ্বাচনত সহযোগিতা আগবঢ়াই জয়যুক্ত কৰাত ভূমিকা লৈছিল আৰু পৌৰপতিৰ আসনত বহুৱাৰ উদ্যোগ লৈছিল সেই সঞ্জয় কিষাণে এতিয়া জয়ন্ত বৰুৱাক পৌৰপতিৰ আসনৰ পৰা আঁতৰাবলৈ উঠি-পৰি লাগিছে ।

ইয়াৰ অন্তৰালত নিশ্চয় কিবা ৰহস্য আছে বুলি দাসে উল্লেখ কৰি জয়ন্ত বৰুৱাই মন্ত্ৰী সঞ্জয় কিষাণৰ আঙুলিৰ ঠাৰত নাচিবলৈ ইচ্ছ্যুক নোহোৱাৰ বাবেই পৌৰসভাৰ অভ্যন্তৰত বিদ্ৰোহ সম্ভৱ হোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

তেওঁ লগতে মন্ত্ৰী কিষাণৰ হস্তক্ষেপৰ বাবেই পৌৰপতি আৰু ৱাৰ্ড কমিচনাৰসকলে কাম কৰিবলৈ পৰিৱেশ পোৱা নাই বুলি অভিযোগ তুলে । যাৰবাবে তিনিচুকীয়া চহৰৰ উন্নয়ন স্তব্ধ হৈ পৰা বুলি উল্লেখ কৰে । আনফালে লক্ষণীয়ভাৱে সংবাদমেলত উপস্থিত থকা যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক ডেভিদ ফুকনে পৌৰপতি জয়ন্ত বৰুৱা 'ধোৱা তুলসীৰ পাত নহয়' বুলি মন্তব্য কৰে ।

তেওঁ কয়, সংবাদ মাধ্যমৰ লগতে কংগ্ৰেছ দলৰ প্ৰাক্তন কাউন্সিলাৰ মায়া গুৰুঙৰ পৰা লাভ কৰা তথ্য অনুসৰি জয়ন্ত বৰুৱাই তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলি সমীপৰ জুনু গুৰুং নামৰ এগৰাকী যুৱতীক বিয়াৰ প্ৰলোভন দি ডিমাপুৰত ৰাখিছিল ।

কিন্তু আঠমহীয়া অন্ত:সত্তা হোৱা জুনুক ডিমাপুৰতে এৰি বৰুৱাই পলায়নবাদী চৰিত্ৰ গ্ৰহণ কৰিছিল আৰু পিছলৈ ৰংপুৰৰ এগৰাকী যুৱতীৰ সৈতে দ্বিতীয় বিবাহপাশত আবদ্ধ হৈছিল । পৰৱৰ্তী সময়ত জুনুৱে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত এটি পুত্ৰ সন্তান জন্ম দিছিল যদিও বৰুৱাই পত্নী কিম্বা সন্তানৰ খবৰ লোৱাৰ পৰা বিৰত থাকে ।

পৌৰ নিৰ্বাচনৰ আগমূহুৰ্তত বৰুৱাৰ প্ৰতি উত্থাপিত এই অভিযোগ মন্ত্ৰী কিষাণে জুনু গুৰুঙৰ পৰিয়ালৰ লগতে বিভিন্ন পক্ষক মেনেজ কৰি থাপি-থুপি থোৱা বুলি তেওঁ উল্লখ কৰে । উক্ত ঘটনাত একাংশ সাংবাদিকো মেনেজ হোৱা বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

এগৰাকীক প্ৰবঞ্চনা কৰি দ্বিতীয় বিবাহত আবদ্ধ এজনে পৌৰপতিৰ আসন শুৱনি কৰিবলগা হোৱাটো চৰম দুৰ্ভাগ্যজনক বুলি তেওঁ মন্তব্য কৰে । আজিৰ সংবাদমেলত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী শোভা দহোতীয়া মৰাণৰ লগতে ব্লক কংগ্ৰেছৰ কেইবাগৰাকীও কৰ্মকৰ্তা উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in