তিনিচুকীয়াত লোকাৰণ্য ৰাজপথ…

তিনিচুকীয়াত লোকাৰণ্য ৰাজপথ…

author-image
asomiyapratidin
New Update
তিনিচুকীয়াত লোকাৰণ্য ৰাজপথ…

ডিজিটেল সংবাদ, তিনিচুকীয়া:- ক'ভিড অতিমাৰীৰ ফলশ্ৰুতিত দুটাকৈ বছৰ অসমবাসীয়ে ৰঙালী বিহু উদযাপন কৰাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈছিল । শেহতীয়াকৈ পূৰ্বৰ স্বচ্ছল দিনবোৰ উভতি অহাত তথা চৰকাৰী ক'ভিড প্ৰট'কলৰ বাধ্যবাধকতাসমূহ নাইকিয়া হোৱাত এইবাৰ বিহু আয়োজক সমিতিসমূহে ৰঙালী বিহুৰ মঞ্চবিহু ধুম ধামেৰে আয়োজন কৰা পৰিলক্ষিত হৈছে ।

Advertisment

তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ঐতিহাসিক তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাত তিনিচুকীয়াৰ ৰাজপথ লোকে লোকাৰণ্য হৈ পৰে । বিহুতলি বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাৰ বিভিন্ন সাংস্কৃতিক দলৰ লগতে চহৰখনৰ জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোশ্রেণীৰ ৰাইজৰ অংশগ্ৰহণেৰে কেন্দ্ৰীয় বিহুখনক এক অনন্য মাত্ৰা প্ৰদান কৰে ।

চহৰখনৰ উপকন্ঠ অঞ্চলৰ লগতে জিলাৰ অন্যান্য প্ৰান্তৰ বিহুবলীয়া লোকেও অংশগ্ৰহণ কৰে এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত । শোভাযাত্ৰা বাহিৰ হোৱাৰ পূৰ্বে বিহুতলিত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰণৱ বৰুৱাই আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰ আঁত ধৰে সম্পাদক বিনন্দ বৰুৱাই । ইয়াৰ পিছতেই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্ধোধন কৰে তিনিচুকীয়া পৌৰসভাৰ নৱ-নিৰ্বাচিত পৌৰপতি জয়ন্ত বৰুৱাই ।

শোভাযাত্ৰাত বিশেষভাৱে অংশ লয় কেন্দ্ৰীয় প্ৰাকৃতিক গেছ আৰু শ্ৰম বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, জিলা উপায়ুক্ত নৰসিং পৱাৰ, অসম হাইড্ৰ'কাৰ্বন এনাৰ্জী কোম্পানী লিমিটেডৰ উপাধ্যক্ষ শিউজী ডুবে, এপিডিচিএলৰ অধ্যক্ষ ভবেন শৰ্মা আদিয়ে । তদুপৰি তিনিচুকীয়া চহৰৰ বিভিন্ন ব্যৱসায়ীক সংগঠনৰ প্ৰতিনিধি, জাতীয় দল-সংগঠনৰ নেতৃবৃন্দ, সাংবাদিক, জ্যেষ্ঠ নাগৰিকেও শোভাযাত্ৰাত ভাগ লয় ।

চলিহা নগৰ খেলপথাৰৰ পৰা অাৰম্ভ হোৱা এই শোভাযাত্ৰাই প্ৰায় পাঁচ ঘন্টা সময় জুৰি তিনিচুকীয়া চহৰৰ কেইবাটাও পথ অতিক্ৰমি পুনৰ চলিহা নগৰ খেলপথাৰত সামৰণি পেলায় । চহৰখনৰ প্ৰায়সংখ্যক ব্যৱসায়ীক প্ৰতিষ্ঠান তথা দোকান-পোহাৰ বন্ধ কৰি সকলোৱে ভাগ লয় সাংস্কৃতিক শোভাযাত্ৰাত । ফলত ভীষণ যান-জঁটৰ সৃষ্টি হয় চহৰখনত । সুদীৰ্ঘ দুটা বছৰ বিৰতিৰ মূৰত মুকলি মুৰিয়াকৈ হেপাহৰ ৰঙালী বিহুতি পাই আজি মহামিলনৰ থলীলৈ পৰিণত হয় তিনিচুকীয়া চহৰ ।

আৰু পঢ়ক: বিহুৰ আনন্দৰ মাজতেই পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে দুই যুৱকে

assam bihu tunsukia