/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/10752a36-0d39-4ee9-8c3d-ad2271d31086/tinsukia.jpg)
ATTSA
ডিজিটেল সংবাদ, তিনিচুকীয়া :- অসম চাহ জনজাতি ছাত্ৰসন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি ৰমেন দাসক সংগঠনৰ মজিয়াৰ পৰা নিলম্বন কৰা হৈছে ।
জিলা সভাপতি জগত নায়ক আৰু সম্পাদক অনুজ তাঁতীৰ দ্বাৰা স্বাক্ষৰিত নিলম্বন পত্ৰত উল্লেখ কৰা অনুসৰি জিলা সাংগঠনিক সম্পাদক ৰমা কালান্দি আৰু তেওঁৰ পৰিয়ালবৰ্গই যোৱা ৯ অক্টোবৰত আটছাৰ জিলা সমিতিক দিয়া অভিযোগৰ ভিত্তিত উপ-সভাপতি ৰমেন দাসক তেওঁৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছে ।
যোৱা ১০ অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা আটছাৰ জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই দিনাৰ পৰা নিলম্বিত উপ-সভাপতি ৰমেন দাসক সংগঠনৰ সকলোধৰণৰ সাংগঠনিক কাম-কাজ আৰু সভা-সমিতিৰ পৰা বিৰত থাকিবলৈ জিলা সমিতিয়ে স্পষ্ট কৰি দিয়ে ।
অভিযোগ অনুসৰি ডুমডুমাৰ খোবাং চাহ বাগিচাৰ বাসিন্দা দুটা সন্তানৰ পিতৃ ৰমেন দাসে ৰমা কালান্দিৰ এগৰাকী সম্পৰ্কীয় ভতিজাক অশালীল ব্যৱহাৰ কৰিছিল। কালান্দি আৰু পৰিয়ালবৰ্গৰ এই অভিযোগৰ ভিত্তিতেই জিলা আটছাই ৰমেন দাসৰ বিৰুদ্ধে নিলম্বনৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় ।