
ডিজিটেল সংবাদ, তিনিচুকীয়া,: – তেল চুৰি কাৰ্য ৰোধ কৰাৰ হেতু তথা চুৰি চক্ৰৰ গতি-বিধি পৰ্যবেক্ষণৰ বাবে অইল ইণ্ডিয়া লিমিটেডে লাখটকীয়া দ্ৰোণ কেমেৰা ব্যৱহাৰ কৰিছে যদিও তিনিচুকীয়া জিলাত ৰোধ কৰিব পৰা নাই খাৰুৱা তেল চুৰিকাৰ্য ।
বৰ্তমানেও জিলাখনৰ তেল অধ্যুষিত মাকুম, বাৰেকুৰি, হেবেদা, শুকানপুখুৰী, ভীমপৰা, চোট হাপজান আদিত দৈনিক তেল চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে । এই অঞ্চলসমূহৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃ ৰাজ্যলৈও প্ৰতিদিনে চোৰাং খাৰুৱা তেলভৰ্ত্তি টেংকাৰ সৰবৰাহ হৈ থকা বুলি গুৰুতৰ অভিযোগ উঠিছে ।
অইল ইণ্ডিয়া লিমিটেডে তেল চুৰিকাৰ্য ৰোধ কৰিবলৈ মোটা অংকৰ ধন ব্যয় কৰি লাখটকীয়া দ্ৰোণ ব্যৱহাৰ কৰিছে যদিও তলকিবই পৰা নাই তেল চুৰি চক্ৰৰ গতিবিধি ৷ যোৱা ২২ জুলাই তাৰিখে মাকুমৰ চোট হাপজান চাহ বাগিচাত তেল চুৰি চক্ৰই খাৰুৱা তেল পৰিবাহী পাইপৰ সংযোগ স্থলৰ দ গাঁত খান্দি তিনিটাকৈ ভেল্ভ সংযোগ কৰি প্ৰায় পাঁচশ মিটাৰ দূৰত্বত পথৰ কাষত আন এটা ভেল্ভ সংযোগ কৰি টেংকাৰত খাৰুৱা তেল মজুত কৰিছিল ।
আৰক্ষীৰ অভিযানত এই চুৰি কাৰ্যত জড়িত এ এছ ২৩ জি ২২৩২ নম্বৰৰ এখন দহ চকীয়া খাৰুৱা তেলভৰ্তি টেংকাৰ উদ্ধাৰ কৰিছিল । তদুপৰি তেলভৰ্তি টেংকাৰখন লৈ চুৰি চক্ৰটোৱে পলাবলৈ লোৱাৰ সময়তে বোকাত লাগি ধৰিছিল টেংকাৰখন ।টেংকাৰখন বোকাৰ পৰা উলিয়াবলৈ তেলচুৰি চক্ৰটোৱে ক্ৰেণ ব্যৱহাৰ কৰাৰ সময়তে আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰিছিল চোৰৰ দলটো । আৰক্ষীয়ে তেলভৰ্তি টেংকাখনৰ লগতে এ এছ ২৩ চি ০০৩৪ নম্বৰৰ এখন ক্ৰেণো ঘটনাস্থলীত উদ্ধাৰ কৰিছিল ।
তাৎপৰ্যপূৰ্ণ কথাটো হ'ল খাৰুৱা তেল পৰিবাহী পাইপৰ সংযোগস্থলত দ গাঁত খান্দি পাইপ ফুটা কৰি তিনিটাকৈ টেপিং পইণ্ট (ভেল্ভ) স্থাপন তথা প্ৰায় পাঁচশ মিটাৰ দূৰত্ব মাটি খান্দি নিজাকৈ পাইপ সংযোগেৰে খাৰুৱা তেল চুৰি কৰাৰ এই বৃহৎ পৰিকল্পনাৰ কিঞ্চিতো উমান নাপালে অইলৰ নিৰাপত্তাৰক্ষী কিম্বা স্মাৰ্ট আৰক্ষীয়ে ৷ সেইদৰে অইলৰ লাখটকীয়া দ্ৰোণ কেমেৰাই তলকিব নোৱাৰিলে তেল চুৰি চক্ৰটোৰ এই ভয়ংকৰ কাৰছাজি। ঘটনাস্থলী পৰ্যবেক্ষন কৰিলে এটা কথা সহজেই অনুমান কৰিব পাৰি যে উক্ত স্থানত দীৰ্ঘ দিনৰপৰা চক্ৰটোৱে তেল চুৰিকাৰ্য অব্যাহত ৰাখিছিল ।
কিয়নো নিজাকৈ মাটি খান্দি সংযোগ কৰা পাইপৰ ওপৰৰ মাটিত সেউজীয়া ঘাঁহনিৰে আৱৰি আছে ৷ ঘটনাস্থলীত উপস্থিত হোৱা তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য বৰাই স্থানসমূহ পৰ্যবেক্ষণ কৰি জব্দকৃত তেলভৰ্তি টেংকাৰখন ইয়াৰ পূৰ্বেও তেল চুৰি কাৰ্যত ব্যৱহৃত হৈছিল তথা আৰক্ষীৰ দ্বাৰা জব্দ কৰা হৈছিল বুলি সাংবাদিকৰ আগত সদৰি কৰিছে । তেওঁ লগতে টেংকাৰখনৰ গৰাকী গুৱাহাটীৰ মুৰত কুমাৰ পলাতক আছে বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত আদালতৰ ৰায়দানত টেংকাৰখন মুকলি হৈছিল বুলিও জানিবলৈ দিয়ে । খাৰুৱা তেলচুৰি চক্ৰটো গুৱাহাটীলৈকে শিপাই আছে বুলিও বিষয়াগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
ইফালে কালি তিনিচুকীয়া আৰক্ষীয়ে তেল পৰিবাহী পাইপত টেপিং পইণ্ট (ভেল্ভ) স্থাপন কৰা মূল ব্যক্তি মাকুমৰ নতুন গান্ধী নগৰৰ প্ৰতীম সোনোৱাল (৪২)ক আটক কৰিবলৈ সক্ষম হয় ।তিনিচুকীয়া আৰক্ষীৰ হাতত তেল চুৰিত জড়িত চোৰৰ দীঘলীয়া তালিকা আছে বুলি জানিব পৰা গৈছে ৷ তালিকাখনত তিনিচুকীয়া আৰু দুলিয়াজানৰ লগতে গুৱাহাটীৰ লোকৰ নামো সন্নিৱিষ্ট হোৱা বুলি চৰ্চিত হৈছে ৷ লক্ষণীয় কথাটো হ'ল তেল চুৰিৰ লগত দীৰ্ঘদিনৰ পৰা জড়িত হৈ থকা মূল ব্যক্তি বুলি জিলাখনত চৰ্চিত হৈ অহা তিনিচুকীয়াৰ জনৈক দুৱৰা, ভাদৈ পাঁচআলিৰ জনৈক বৰশইকীয়া আৰু গুৱাহাটীৰ জনৈক শ্বাহক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ'বনে বুলি প্ৰশ্ন উত্থাপিত হৈছে ।