আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন…

আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন…

author-image
asomiyapratidin
New Update
আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন…

ডিজিটেল সংবাদ, তিনিচুকীয়া:- আসাম প্ৰেছ ক'ৰেছপ'ণ্ডেণ্টছ ইউনিয়ন, চমুকৈ 'আপকু'ৰ তিনিচুকীয়া জিলা সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনখনি শুকুৰবাৰে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত সম্পন্ন হৈ যায়।

Advertisment

পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ক্ৰমে সভাপতি মনোৰঞ্জন নেওগ আৰু সম্পাদক সুৰজিৎ বড়াই। গছপুলি ৰোপণ কৰে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হীৰা ফুকনে। জিলা সভাপতি মনোৰঞ্জন নেওগৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয়-বাছনি সভাত বন্তি প্ৰজ্বলন কৰে উপদেষ্টা পল্লৱ শৰ্মাই। সভাখন উদ্বোধন কৰে মুখ্য উপদেষ্টা ৰবীন মৰাণে।

প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰে আপকুৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা মনোজ সিং, সভাপতি আব্দুল খালেক আৰু সম্পাদক প্ৰধান শৰৎ শেনচোৱাই। কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হীৰা ফুকন পৰ্যবেক্ষকৰূপে উপস্থিত থকা সভাত পৰৱৰ্তী কাৰ্যকালৰ বাবে পল্লৱ শৰ্মাক সভাপতি, কংকণজ্যোতি গোস্বামীক কাৰ্যকৰী সভাপতি, সুজিৎ হাতীবৰুৱাক উপ-সভাপতি আৰু সোণাৰাম কলিতাক সম্পাদক হিচাপে লৈ নতুন সমিতি গঠন কৰা হয়।

ইয়াৰ পাছত মনোৰঞ্জন নেওগৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে জিলা জনসংযোগ বিষয়া মামুন বৰকটকীয়ে। কাৰ্যকৰী সভাপতি বিনন্দ কোঁ‌ৱৰে আদৰণি ভাষণ দিয়া সভাত আপকুৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা মনোজ সিঙে নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায়। সভাত জিলা উপায়ুক্ত নৰসিং পৱাৰে আপকুৰ জিলা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ 'জ্যোতিষ্মান' উন্মোচন কৰি এক বলিষ্ঠ বক্তব্য আগবঢ়ায়।

সভাত উপ-আৰক্ষী অধীক্ষক হিৰণ্য বৰা, আপকুৰ কেন্দ্ৰীয় সম্পাদক প্ৰধান শৰৎ শেনচোৱা, আছুৰ কেন্দ্ৰীয় উপ-সভাপতি বিনয় ডুবে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক সুৰজিৎ মৰাণ আৰু জাৰ্ণেলিষ্ট ইউনিয়ন অব্ আসামৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক মনোৰঞ্জন মৰাণে বক্তব্য ৰাখে । সভাত তিনিচুকীয়াৰ তিনি জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত দত্ত, চিন্ময় শৰ্মা আৰু পল্লৱ শৰ্মাৰ উপৰি ক্ৰীড়া সংগঠক তথা যুৱ ব্যৱসায়ী ললিত গগৈ আৰু উদ্যোগী যুৱক লালন মৰাণক সম্বৰ্ধনা জনোৱা হয়। কাৰ্যসূচীৰ মাজতে ফিল'বাৰীৰ পৰা আমন্ত্ৰিত 'ৰঙ্গতীৰ্থ' নামৰ সাংস্কৃতিক গোষ্ঠীয়ে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে।

আৰু পঢ়ক: কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস …

assam tinsukia