গ্ৰাহকৰ ধন আত্মসাৎ : কাকপথাৰৰ পোষ্টমাষ্টৰ মনিশ হাজৰিকাক আটক…

গ্ৰাহকৰ ধন আত্মসাৎ : কাকপথাৰৰ পোষ্টমাষ্টৰ মনিশ হাজৰিকাক আটক…

author-image
asomiyapratidin
New Update
গ্ৰাহকৰ ধন আত্মসাৎ : কাকপথাৰৰ পোষ্টমাষ্টৰ মনিশ হাজৰিকাক আটক…

ডিজিটেল সংবাদ, তিনিচুকীয়া : গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগত শুকুৰবাৰে আৰক্ষীয়ে আটক কৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ ডাকঘৰৰ পোষ্টমাষ্টৰ মনিশ হাজৰিকাক । জানিব পৰা মতে কাকপথাৰৰ বিশিষ্ট ব্যৱসায়ী বিশ্বনাথ সাহে প্ৰায় দহ বছৰ ধৰি ডাকঘৰত সঞ্চয় কৰি অহা লক্ষাধিক টকা শুকুৰবাৰে উলিয়াবলৈ যাওঁতে ডাকঘৰৰ কৰ্মচাৰীয়ে তেওঁৰ একাউণ্টত ধন জমা নাই বুলি জানিবলৈ দিয়াত হতভম্ব হৈ পৰে ব্যৱসায়ীজন ৷

Advertisment

সাহে লগে লগে পোষ্টমাষ্টৰ মনিশ হাজৰিকাক বিষয়টোৰ সন্দৰ্ভত প্ৰশ্ন কৰাত টকাখিনি তেওঁ উলিয়াই নিজৰ কামত ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়াৰ লগতে অচিৰেই ধনৰাশি ঘূৰাই দিম বুলি আশ্বাস দিয়াত ক্ষুন্ন হৈ পৰে সাহ ৷ ইয়াকে লৈ ডাকঘৰত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু অকতৃত্বশীলভাৱে আনৰ একাউণ্টৰ পৰা টকা উলিওৱাৰ অপৰাধত অভিযুক্ত পোষ্টমাষ্টৰগৰাকীক উপস্থিত ৰাইজে উত্তম-মধ্যম শোধাই ৷

ঘটনাস্থলীত কাকপথাৰ আৰক্ষীৰ এটি দল উপস্থিত হৈ অভিযুক্ত পোষ্টমাষ্টৰগৰাকীক কৰায়ত্ত্ব কৰি থানালৈ লৈ আনে আৰু তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । ইফালে এই ঘটনা অঞ্চলটোত বিয়পি পৰাত ডাকঘৰটোত সঞ্চয় কৰা গ্ৰাহকসকলৰ মাজত হুৱা-দুৱা লাগে ৷

আৰু পঢ়ক : জন্মাষ্টমী উপলক্ষে নলবাৰীৰ উলাবড়ীত নাওখেল প্ৰতিযোগিতা…

assam tinisukia