আঢ়ৈ কোটিৰ বিনিময়ত বাৰ্মাকে ধৰি বহিৰাজ্যৰ চোৰাং কাঠৰ ট্ৰাক নগাঁৱত নিশা প্ৰৱেশৰ অনুমতি…

আঢ়ৈ কোটিৰ বিনিময়ত বাৰ্মাকে ধৰি বহিৰাজ্যৰ চোৰাং কাঠৰ ট্ৰাক নগাঁৱত নিশা প্ৰৱেশৰ অনুমতি…

author-image
asomiyapratidin
New Update
আঢ়ৈ কোটিৰ বিনিময়ত বাৰ্মাকে ধৰি বহিৰাজ্যৰ চোৰাং কাঠৰ ট্ৰাক নগাঁৱত নিশা প্ৰৱেশৰ অনুমতি…

ডিজিটেল সংবাদ, নগাঁও: ৰাজ্যত এতিয়া বহি ৰাজ্যকে ধৰি বাৰ্মিজ চোৰাং কাঠৰ  ৰমৰমীয়া বেহা চলিছে। মধ্য অসমৰ নগাঁৱত মুকলিকৈ এই চোৰাং কাঠৰ বেপাৰ চলাইছে তিনিজন মাৰোৱাৰী সম্প্ৰাদায়ৰ ব্যৱসায়ীয়ে। এজন সংখ্যালঘু আৰু আন এজন ভাষিক সংখ্যালঘু লোকৰ সহযোগত বন বিভাগৰ সন্মুখতে এই বেহা চলি আছে যদিও সকলো কথা জানিও ৰহস্যজনক ভাৱে নগাঁও বন বিভাগে চকু মুদা কুলিৰ ভাও জুৰি আহিছে। এই চোৰাং কাঠ ব্যৱসায়ীৰ ইচাৰাত উঠা বহা কৰে বন বিভাগে।

Advertisment

অভিযোগ মতে নগাঁও বন সংমণ্ডলৰ একাংশ বিষয়াৰে মিলি চোৰাংকাঠৰ ব্যৱসায়ীয়ে কাঠৰ চোৰাং ব্যৱসায় চলাই আহিছে ৷ ৰাজনৈতিক আৰ্শীবাদ পুষ্ট এই চোৰাং ব্যৱসায়ীয়ে বন বিষয়াক সন্তুষ্ট কৰি অহাৰ বাবে ৰাজ্যৰ ভিতৰতে নগাঁও চোৰাং কাঠ ব্যৱসায়ৰ ঘাটি হৈ পৰিছে ৷ প্ৰতি নিশা নগাঁৱত প্ৰায় ৪০ খন সৰু ডাঙৰ গাড়ীত চোৰাং কাঠ প্ৰৱেশ কৰে ৷ ইমান বৃহৎ সংখ্যক গাড়ী নিশা নগাঁৱত প্ৰবেশ কৰে যদিও বন বিভাগে গ্ৰহণ নকৰে কোনো ব্যৱস্থা।

জানিব পৰা মতে সুদূৰ ম্যানমাৰৰ পৰা চোৰাংকৈ কাঠ অনা হয় ৷ দৈনিক চৈধ্যচকীয়া গাড়ীত আনে সেই চেগুন কাঠ ৷ প্ৰতি দিনে চৈধ্য চকাৰ  প্ৰায় দহখন গাড়ীত বাৰ্মাৰ পৰা কাঠ অনা হয় ৷ ১২ ইঞ্চি প্লেট প্ৰস্তুত কৰি এই কাঠ অনা হয় ৷ বাৰ্মাৰ পৰা চোৰাংকৈ অনা এই কাঠ নগাঁৱৰ খুটিকটীয়া , তেলিয়াপট্টি , এ টি ৰোডত নমোৱা হয় ৷ নিশা অহা এই ট্ৰাক সমূহৰ পৰা পুৱতি নিশাৰ ভিতৰত কাঠবোৰ নমোৱা হয় ৷

বাৰ্মাৰ পিছতে অৰুনাচলৰ পৰা চোৰাংকৈ কাঠ অনা হয় ৷ একেদৰে ডিমাপুৰ , মিজুৰাম , মনিপুৰ আদিৰ পৰা দৈনিক চোৰাং ভাবে কাঠ আহে ৷ নগাঁৱৰ এই চোৰাং কাঠৰ ব্যৱসায়ী সকলে এতিয়া গুৱাহাটীৰ কাঠৰ বজাৰ খনিও নিয়ন্ত্ৰন কৰি আহিছে ৷ শাল , চেগুন , গমাৰী , কৰৈ , তিতাচপা আদিৰ চোৰাং মুকলি বজাৰ নগাঁৱত ৷

নগাঁও চহৰত থকা ১১ টাকৈ কাঠ ফলা মিলত এই চোৰাং কাঠ সমূহ ফালি গ্ৰাহকৰ প্ৰয়োজন অনুসৰি বিক্ৰী কৰি অহা হৈছে ৷ নিদিষ্ট স্থানত মজুত কৰি গ্ৰাহকক কাঠৰ প্লেট সমূহ দেখূৱাই পচণ্ড অনুসৰি ফালি বিক্ৰী কৰা হয় ৷ নগাঁও আঞ্চলিক বন বিষয়াৰ অধীনত নগাঁও চহৰত থকা কাঠ ফলা মিল সমূহ হৈছে ব্ৰহ্মপুত্ৰ শ্ব মিল , বাজাজ শ্ব মিল , অনুৰোধ শ্ব মিল , গুৰুনানক শ্ব মিল , আসাম মন্দিৰ শ্ব মিল , বৰা শ্ব মিল , গোস্বামী শ্ব মিল , নগাঁও শ্ব মিল , কামাখ্যা শ্ব মিল , চি কে শৰ্মা এণ্ড শ্ব মিল , কাৰটাৰ শ্ব মিল ৷ ইয়াৰে নিদিষ্ট তিনিটা শ্ব মিলত বাৰ্মাৰ পৰা অনা চোৰাং কাঠ মজুত কৰি বিক্ৰি কৰা হয় ৷ ইয়াৰ বাহিৰেও তেলিয়াপট্টি শনি মন্দিৰৰ ওচৰৰ এখন টিম্বাৰত বাৰ্মাৰ চোৰাং কাঠ মজুত কৰা হয় ৷

চুবুৰীয়া জিলা কাৰ্বিআংলঙৰ পৰা দৈনিক সৰু গাড়ীত নগাঁও চহৰলৈ অনা হয় চোৰাং কাঠ ৷ বিশৰ পৰা ত্ৰিশখন টাটা মবাইলত কাঠ ব্যৱসায়ীয়ে চোৰাং ভাবে কাঠ আনে ৷ বনাঞ্চলত বুলেট মেচিনেৰে গছ ফালি নিদিষ্ট জোখত প্লেট বনোৱা হয় ৷ সেই প্লেট সমূহ গাড়ীত বোজাই কৰি নগাঁও চহৰলৈ অনা হয় ৷ বিশেষকৈ পুৱতি নিশা এই গাড়ী সমূহ নগাঁও চহৰত প্ৰবেশ কৰে ৷

চোৰাং ব্যৱসায়ীয়ে নগাঁৱত চলাই থকা চোৰাং কাঠৰ ৰমৰমীয়া বেহা বন বিভাগৰ পৃষ্ঠপোষকতাত যে চলি আহিছে সেই কথা বৰ্তমান নগাঁৱৰ সচেতন লোকৰ বাবে লুকাই থকা নাই ৷ ব্যৱসায়ী চক্ৰটোৰ এক সুত্ৰ মতে বাৰ্মাৰ পৰা অহা চৈধ্য চকীয়া গাড়ীৰ বিপৰিতে বন বিভাগক পশ্চিশ হাজাৰকৈ আদায় দিয়ে ৷ প্ৰতি দিনে আঢ়ৈ লাখ টকা আদায় দি দহখনকৈ গাড়ী বন বিভাগৰ সেউজ সংকেটত চহৰখনত প্ৰবেশ কৰোৱা হয় ৷ আন হাতে আন ৩০ খন গাড়ী খনে প্ৰতি পোন্ধৰ হাজাৰ টকাকৈ বন বিভাগক আদায় দিয়া হয় ৷ ৩০ খন গাড়ীৰ বিপৰিতে প্ৰতি দিনে ৪ লাখ ৫০ হাজাৰ টকা আদায় দিয়ে বন বিভাগক ৷  ইয়াৰ বাহিৰেও কাৰ্বিআংলঙৰ পৰা চোৰাং কাঠ অনা ত্ৰিশখন টাটা মবাইলে পৃথক ভাবে আদায় দিয়ে ধন ৷

চোৰাং কাঠ ব্যৱসায়ীয়ে প্ৰতি মাহে প্ৰায় ২ কোটি ১০ লাখ টকা নগাঁৱৰ বন বিভাগক আদায় দি এক বৃহৎ কাঠৰ চোৰাং ব্যৱসায় চলাই আহিছে ৷ অৱশ্যে এই বৃহৎ পৰিমানৰ ধন বন বিভাগৰ নামত চোৰাং কাঠ ব্যৱসায়ীয়ে আদায় দি কাঠৰ চোৰাং ব্যৱসায় চলাই আহিছে যদিও নগাঁও বন সংমণ্ডল আৰু নগাঁও আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিষয়াক প্ৰত্যক্ষ ভাবে আদায় দিয়াৰ কথা অস্বীকাৰ কৰিছে নগাঁৱৰ চোৰাং ব্যৱসায়ী চক্ৰৰ সুত্ৰটোয়ে ৷

assam Assam police nagaon forest department of assam