/asomiyapratidin/media/media_files/2025/02/24/tY0MnjjSx7bgxavc0ZtW.jpg)
ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ বাঁহজানী মৌজাত অৱস্থিত এখন কৃষি আৰু শিল্প প্ৰধান গাঁও তিলানা। এই তিলানা গাঁওতেই বিশিষ্ট ব্যৱসায়ী প্ৰয়াত নবীন চন্দ্ৰ তামুলীয়ে ১৯৬৮ চনত প্ৰতিষ্ঠা কৰিছিল এখন কৃষি পাম। বৰ্তমান এই পাম খনৰ নাম ৰখা হৈছে নবীন চন্দ্ৰ তামুলী কৃষি পাম। উল্লেখ্য যে আটমটকাৰিকৈ সঁজোৱা কৃষি পামখন কম দিনৰ ভিতৰতে এক আকৰ্ষনীয় ৰূপ লয়।
পিছলৈ নবীন চন্দ্ৰ তামুলীয়ে কৃষি পাম খনৰ চৌহদতে ১৯৭৫ চনত এটি শিৱ মন্দিৰ স্থাপন কৰে। প্ৰথমাৱস্থাৰ পৰাই উক্ত শিৱ মন্দিৰত শ্ৰীশ্ৰীমহা শিৱৰাত্ৰি পূজা পালন কৰি অহা হয়। কৃষি পাম আৰু শিৱ মন্দিৰৰ প্ৰতিষ্ঠাপক নবীন চন্দ্ৰ তামুলীৰ বিগত ২০০০ চনৰ এপ্ৰিল মাহত মৃত্যু হোৱাত কৃষি পাম আৰু শিৱ মন্দিৰৰ পৰিচালনাৰ দায়িত্ব লৈছিল তেওঁৰ জ্যেষ্ঠ পুত্ৰ সতীশ চন্দ্ৰ তামুলীয়ে।
কিন্তু তাৰ কিছু বছৰ পিছত সতীশ চন্দ্ৰ তামুলীৰ আকস্মিক মৃত্যু হোৱাত তেওঁৰ ভাতৃ বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীয়ে কৃষি পাম আৰু শিৱ মন্দিৰৰ পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে। গণেশ তামুলীয়ে দায়িত্ব লোৱাৰ কিছু বছৰৰ পিছতে প্ৰায় এশ বিঘা মাটিৰে আৱৰা কৃষি পাম আৰু শিৱ মন্দিৰ জাকত জিলিকা হৈ উঠিল।
প্ৰতি বছৰে ব্যতিক্ৰমি ৰূপত শিৱ মন্দিৰত শ্ৰীশ্ৰীমহা শিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হয়। শিৱৰাত্ৰি পূজাত অঞ্চলটোৰ হেজাৰ হেজাৰ ভক্তপ্ৰান ৰাইজৰ সমাগম হয়। সম্প্ৰতি শিৱ মন্দিৰ এখন তীৰ্থ ভূমিত পৰিণত হৈছে। শিৱমন্দিৰলৈ বহু দূৰ-দুৰনিৰ পৰা দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে তামুলী কৃষি পামৰ শিৱ মন্দিৰৰ শিৱ লিংগটো বেনাৰসৰ পৰা সংগ্ৰহ কৰি নিত্যানন্দ ব্ৰক্ষ্মচাৰীৰ দ্বাৰা লিংগটো স্থাপন কৰা হৈছিল।
প্ৰায় এশ বিঘা মাটিৰে আৱৰা কৃষি পাম খনত পুখুৰী, নানা মূল্যবান গছ গছনি, ফল-মূলৰ বাগিছা থকাৰ লগতে পাম খনত বিভিন্ন ধৰনৰ খেতি কৰা হয়। মন্দিৰটোৰ প্ৰতি ভক্তপ্ৰান ৰাইজৰ আকৰ্ষন বৃদ্ধি কৰাৰ বহুতো কাৰন আছে। কৃষি পামৰ প্ৰাকৃতিক পৰিবেশে মন্দিৰৰ প্ৰতি ৰাইজৰ আকৰ্ষন বৃদ্ধি কৰিছে।পামত থকা কেবাটাও পুখুৰীৰ পাৰে পাৰে থকা সৌন্দৰ্য বৰ্ধক গছ-গছনি, নাৰিকল ফল-মূলৰ গছ-গছনিয়ে মন্দিৰটোৰ সৌন্দৰ্য বৰ্ধন কৰিছে।
উল্লেখনীয় যে বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীয়ে কৃষি পাম আৰু শিৱ মন্দিৰৰ পৰিচালনাৰ দায়িত্ব গ্ৰহন কৰাৰ পিছৰে পৰা প্ৰতি বছৰে এক ব্যতিক্ৰমীভাৱে শ্ৰীশ্ৰীমহা শিৱৰাত্ৰি পূজা উদযাপিত হৈ আহিছে। দিনৰ ভাগতে এক ব্যতিক্ৰমী ৰপত শিৱৰাত্ৰী পূজা পালন কৰা হয়। বিভিন্ন কাৰ্যক্ৰমনিকাৰ মাজতে দিনৰ ভাগতে সাংস্কৃতিক অনুষ্ঠান কিছু বছৰৰ পৰা অনুষ্ঠিত হৈ আহিছে।
সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যৰ বহু খ্যাতনামা শিল্পীয়ে গীত পৰিবেশন কৰি ৰাইজক আনন্দ যোগাই আহিছে। উল্লেখনীয় যে প্ৰতি বছৰে শ্ৰীশ্ৰীমহা শিৱৰাত্ৰি পূজাত বিভিন্ন কাৰ্যসূচীত শিল্পী, সাহিত্যিক, সাংবাদিক, বিশিষ্ট ব্যক্তি সকলৰ আগমনে শিৱৰাত্ৰি পূজা ভাগ অঞ্চলটোত অধিক জনপ্ৰিয় হৈ পৰিছে। কৃষি পামৰ শিৱৰাত্ৰি পূজাত মাংগলিক অনুষ্ঠানৰ লগতে হাজাৰ হাজাৰ ভক্তপ্ৰান ৰাইজক আপ্যায়নৰ ব্যৱস্থাও কৰা হয়।
এই আপ্যায়নত ভক্ত সকল অধিক সন্তুুষ্টি লাভ কৰা দেখা যায়। এনেদৰে তামুলী কৃষি পামৰ শিৱ মন্দিৰৰ নাম ৰাইজৰ মাজত প্ৰসাৰিত হৈ সম্প্ৰতি তামুলী আদৰ্শ কৃষি পাম আৰু শিৱ মন্দিৰ এখন তীৰ্থ ভূমিত পৰিণত হৈছে। এইবাৰ শিৱৰাত্ৰি পূজাভাগে ৫১ বৰ্ষত ভৰি দিছে। পূজা উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৱ।