/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/cf0fc55b-7109-4922-b8c6-f614c838a52c/tilak.jpg)
tilak hazarika
ডিজিটেল সংবাদ, কলিয়াবৰঃ আজি অসমৰ সংবাদ জগতৰ পিতমহ তথা সাদিন কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক তিলক হাজৰিকৰ মৃত্যু তিথি ৷ এই উপলক্ষে মহান মনিষী গৰাকীৰ স্মৃতি সোঁৱৰি কলিয়াবৰ প্ৰেছ ক্লাৱৰ উদ্যোগত শনিবাৰে মহকুমা ভিত্তিত কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে বিশিষ্ট সাংবাদিক তিলক হাজৰিকা সোঁৱৰণি তৰ্ক প্ৰতিযোগিতা ৷
কলিয়াবৰ প্ৰেছ ক্লাৱৰ বছৰজোৰা ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি আয়োজিত এই প্ৰতিযোগিতাত আমন্ত্ৰিত অতিথি স্বৰূপে উপস্থিত থাকি অসমৰ সংবাদ জগতৰ মহীৰূহ তিলক হাজৰিকাৰ দুহিতা মঞ্জুৰী বৰাই পিতৃৰ স্মৃতি সোঁৱৰি স্মৃতিকাতৰ হৈ পৰে ৷
ভাষণত তেঁও কয় - দেউতাৰ মনত এটা আক্ষেপ থাকি গ’ল যে পুথিভঁৰাললৈ পিঠি দি ভৰিৰ তলৰ মাটি হেৰুৱাই নৱ প্ৰজন্মই সামাজিক মাধ্যমক গুৰুত্ব প্ৰদান কৰি আহিছে ৷ আজিৰ প্ৰজন্মই সাংবাদিকতা তথা সাম্প্ৰতিক পৰিবেশ সমূহ শিকিবলৈ চেষ্টা নকৰে ৷ আজিৰ প্ৰজন্মই ম’বাইল ,টিভিৰ সৈতে অধিক সময় অতিবাহিত কৰাৰ বিপৰীতে বাতৰি কাকত আৰু কিতাপ অধ্যয়নৰ পৰা আতৰি থকা বিষয়টো অতি দুৰ্ভাগ্যজনক ৷
ছাত্ৰ-ছাত্ৰীক বৌদ্ধিক-মানসিক উত্তৰণত পদক্ষেপ গ্ৰহণেৰে এই অনুষ্ঠানৰ আয়োজক কলিয়াবৰ প্ৰেছ ক্লাৱক শলাগ লৈ মঞ্জুৰী বৰাই লগতে কয় - আজিৰ এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ তথা উৎসাহ দেখি দেউতাৰ সেই শংকা যে অমূলক আছিল এই ধাৰণাহে এই মুহূৰ্তত মোৰ মনলৈ আহিছে ৷ ছাত্ৰ -ছাত্ৰী সকলক উদ্দেশ্যি দিয়া ব্যক্তব্যত আমন্ত্ৰিত অতিথি গৰাকীয়ে লগতে কয়--দেউতাই সৰুতে আমাক তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰেৰণা যোগায় আহিছিল ৷
দেউতাই আমাক শিকাইছিল যে কথা কওতে অথবা লিখোতে কাব্য অথবা শব্দত বেছি সংঘাত নানিবা ৷ অতি সাধাৰণ ভাষাত মনৰ ভাৱ প্ৰকাশ কৰিব লাগে যি সৰ্বসাধাৰণে সহজে উপলব্ধি কৰিব পাৰে ৷ প্ৰতিযোগিতাখনি আৰম্ভ হোৱাৰ পূৰ্বে বিশিষ্ট সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হিৰণ্য কুমাৰ চলিহাই ৷
কলিয়াবৰ মহকুমাৰ ১১ খন বিদ্যালয়ৰ মুঠ চল্লিশ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হৈছে । “সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰীক বিকাশত ক্ষতি কৰিছে" শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত প্ৰতিযোগিতাখনি সঞ্চালিকাৰ আসন শুৱনি কৰিছে শিলঘাটৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নৱনীতা দলবৰুৱাই। প্ৰতিযোগিতাখনি বিয়লি প্ৰায় চাৰি বজাত সামৰণি পৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷