জামুগুৰিহাটৰ গমিৰিপালত দ্বিতীয় বাৰ্ষিক তীজ সমাৰোহ উদযাপন

জামুগুৰিহটৰ গমিৰিপাল নাট্য মন্দিৰ ভৱনত গোৰ্খা মহিলাসমাজৰ অতি পৱিত্ৰ উৎস তীজ সমাৰোহ বুধবাৰে উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ গমিৰিপালত দ্বিতীয় বাৰ্ষিক তীজ সমাৰোহ উদযাপন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহটৰ গমিৰিপাল নাট্য মন্দিৰ ভৱনত গোৰ্খা মহিলাসমাজৰ অতি পৱিত্ৰ উৎস তীজ সমাৰোহ বুধবাৰে উদযাপন কৰা হয়।বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত অৱসৰী শিক্ষক চিত্ৰ প্ৰসাদ শৰ্মাই মন্দিৰ চৌহদত বৃক্ষ ৰোপণ কৰে।

Advertisment

অৱসৰী শিক্ষয়িত্ৰী বালাকুমাৰী দেৱীৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই গোৰ্খা সম্প্ৰদায়ৰ তীজ উৎসৱ তাত্ত্বিক দিশৰ বৰ্ণনা কৰাৰ লগতে মহিলাসকলক আৰ্থিক দিশতো স্বাবালম্বি হ'বলৈ আহ্বান জনায়।

নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি সাহিত্য অকাডেমীৰ যুব পুৰস্কাৰ প্ৰাপক, লেখক অঞ্জন বাচকোটাই তীজৰ মহত্ব আৰু ধাৰ্মিক দিশ আৰু তীজ পালনৰ পৰম্পৰাৰ বিষয়ে মননশীল বক্তব্য আগবঢ়াই।সভাৰ কাৰ্য্যসুচীৰ মাজে মাজে মহিলা সকলে পৰিবেশন কৰা সাংস্কৃতিক অনুষ্ঠান সমুহে সকলোৰ মন জয় কৰিবলৈ সক্ষম হয়৷

Also Read: পুৰণি পেঞ্চন নীতি বাহালৰ দাবী, চিলাপথাৰত উপস্থিত "ভাৰত যাত্ৰা" সমদল