পুৰণি পেঞ্চন নীতি বাহালৰ দাবী, চিলাপথাৰত উপস্থিত "ভাৰত যাত্ৰা" সমদল

পুৰণি পেঞ্চন নীতি বাহালৰ দাবী, চিলাপথাৰত উপস্থিত "ভাৰত যাত্ৰা" সমদল

author-image
Asomiya Pratidin
New Update
পুৰণি পেঞ্চন নীতি বাহালৰ দাবী, চিলাপথাৰত উপস্থিত "ভাৰত যাত্ৰা" সমদল

ডিজিটেল সংবাদ, চিলাপথাৰঃ পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত দেশ জুৰি চলোৱা "ভাৰত যাত্ৰা" সমদল বুধবাৰে চিলাপথাৰৰ কুলাজানত উপস্থিত হয়। মোডী চৰকাৰৰ বিৰুদ্ধে দেশজুৰি বিৰোধৰ হুংকাৰ শিক্ষক - কৰ্মচাৰী সমাজৰ।

Advertisment

অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ উদ্যোগত আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ সহযোগত আৰম্ভ হ'ল ভাৰত যাত্ৰা কাৰ্য্যসূচীৰ। পুৰণি পেঞ্চন নীতি বাহাল ৰখা,ঠিকা ভিত্তিক নিযুক্ত শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত উলিওৱা সমদলটো কালি বিয়লি বগীবিল দলঙ হৈ কুলাজনত উপস্থিত হয়।

অসহ্য গৰমকো নেওচি শতাধিক লোকে ভাগ লয় এই কাৰ্যসুচীত। " পুৰণি পেঞ্চন নীতি বহাল ৰাখক, ঠিকা ভিত্তিত শিক্ষকৰ চাকৰী নিয়মিয়া কৰক,শিক্ষক - কৰ্মচাৰীৰ ন্যাৰ্য প্ৰাপ্য আদায় দিয়ক, চিচি মাণ্ডলিক প্ৰাথমিক শিক্ষক সন্মিলনী জিন্দাবাদ, ইনক্লাব জিন্দাবাদ " আদি শ্লোগানৰে কঁপাই তোলে চিলাপথাৰ- বগীবিল দলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ।

এম এল এ-মিনিষ্টাৰে পেঞ্চন পায় শিক্ষকে কিয় নাপাব। শিক্ষক সকলৰ দাবী মানি নল'লে সমাগত নিৰ্বাচনত সমগ্ৰ দেশতে শিক্ষক সমাজে মোডী চৰকাৰৰ বিৰোধ কৰিব বুলি ক'লে প্ৰতিবাদ কাৰীয়ে। অসমৰ শিক্ষা মন্ত্ৰীযে শিক্ষকৰ আন্দোলনৰ সন্দৰ্ভত কৰা মন্তব্যক তৰল আখ্যা দি শিক্ষকৰ বাবেই মন্ত্ৰী-বিধায়ক হ'বলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি এনে অপৰিপক্ক মন্তব্যৰ বাবে তেওঁক মাফ কৰি দিয়া বুলি কয়।

অসমৰ শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুৱে শিক্ষকৰ আন্দোলনৰ ৰাজনীতি ওপৰত কৰা মন্তব্যক কটাক্ষ কৰি কয় যে শিক্ষকৰ সমস্যা যি জনে সমাধান কৰিব সেই জনকেই সমৰ্থন আৰু 'জিন্দাবাদ' দিব বুলি ক'লে সমদলৰ নেতাই ।

Also Read: আৰক্ষীৰ অভিযানৰ সময়তে পলায়ন শুভলক্ষ্মী দত্তৰ...