/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/flkjlsfkfeldes.jpg)
ডিজিটেল সংবাদ,নলবাৰী : নলবাৰী জিলাৰ টিহুৰ ওচৰৰ কনিমাৰাত ১৮ জুনত প্ৰায় ২২ বৰ্ষীয় জিণ্টু কলিতা নামৰ যুৱক এজন পানীত পৰি নিৰুদ্দেশ হয় । ঘটনাৰ বিৱৰণী অনুসৰি জিণ্টু কলিতাই আবেলি প্ৰায় ২.৩০ বজাত টিহুৰ বজাৰৰপৰা মাছ ধৰা জাল আৰু ঘৰুৱা অন্য সামগ্ৰী কিনি ৰেল আলি পাৰ হৈ ঘৰলৈ বুলি ভেলেৰে যাব খোজোঁতে পানীত পৰি যায় ।
উল্লেখ্য যে ভেলত উঠাৰ আগতেতেওঁ মাকলৈ আহি পোৱা বুলি ফোন কৰিছিল । কিন্তু নিৰ্দিষ্ট সময়ত তেওঁ ঘৰ নোপোৱাত বিচাৰ খেচাৰ লাগে । ইফালে ভেলত যুৱকজনৰ ফোন, জাল আৰু সামগ্ৰী ভৰ্তি মোনাখন দেখি স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে হুৱা দুৱা লগায় ।
কনিমাৰা গাঁৱৰ বাসিন্দা কুমুদ কলিতাৰ পুত্ৰ জিণ্টু কলিতাই বিগত বৰ্ষত টিহু মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লৈ গুৱাহাটীত ব্ৰিটানিয়া কোম্পানীত কৰ্মৰত আছিল । এচডিআৰএফৰ বিষয়া আৰু জোৱানসকলে খবৰ পাই যুৱকজনৰ সন্ধানত অভিযান চলায় যদিও সন্ধিয়া ৮ বজাপৰ্যন্ত যুৱকজনৰ কোনো সম্ভেদ পোৱা নাই ।
আৰু পঢ়ক: জুনিয়ৰ এছিয়ান পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ নিৰজ বৰাৰ সোণৰ পদক লাভ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us
 Follow Us