টিহু মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ আসন বৃদ্ধিৰ দাবী আছুৰ…

টিহু মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ আসন বৃদ্ধিৰ দাবী আছুৰ…

author-image
asomiyapratidin
New Update
টিহু মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ আসন বৃদ্ধিৰ দাবী আছুৰ…

ডিজিটেল সংবাদ, টিহু: টিহু আঞ্চলিক ছাত্ৰ সন্থাই নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত টিহু মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ আসনৰ সংখ্যা বৃদ্ধিৰ দাবী জনাইছে । আজি টিহু আঞ্চলিক ছাত্ৰ সন্থাই টিহু ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে নলবাৰী জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰা এক স্মাৰক পত্ৰত এই দাবী উত্থাপন কৰে । টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃদুল বৰ্মন আৰু সম্পাদক হিম আকাশ কলিতাই স্মাৰক পত্ৰত উল্লেখ কৰে যে টিহু মহাবিদ্যালয়ত স্নাতক মহলাৰ কলা আৰু বিজ্ঞান শাখাত সীমিত সংখ্যক আসন থকাৰ বাবে বৃহত্তৰ টিহু অঞ্চলৰ ভালেসংখ্যক শিক্ষাৰ্থী শিক্ষানুষ্ঠানখনত উচ্চ শিক্ষা গ্ৰহণৰপৰা বঞ্চিত হ'বলগীয়া হৈছে ।

Advertisment

এনে পৰিস্থিতিত শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনৰ বৃহত্তম স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানখনত আসনৰ সংখ্যা বৃদ্ধি কৰি শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ প্ৰদান কৰিব লাগে বুলি ছাত্ৰ সন্হাই স্মাৰক পত্ৰত উল্লেখ কৰে । ইপিনে, টিহু মহাবিদ্যালয়ৰ এক সূত্ৰে জানিব পৰা মতে, টিহু মহাবিদ্যালয়ত এই বৰ্ষত স্নাতক মহলাৰ কলা শাখাত দিনৰ খেপত চাৰিশ আৰু বিয়লিৰ খেপত  দুইশখন সহ মুঠ ছয়শখন আসনৰ ব্যৱস্থা কৰা হৈছে ।

আনহাতে, শিক্ষানুষ্ঠানখনত বিজ্ঞান শাখাৰ দিনৰ খেপত ডেৰশ আৰু বিয়লিৰ খেপতো ডেৰশখন সহ মুঠ তিনিশখন আসনৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ বিপৰীতে স্নাতকৰ  কলা শাখাত শিক্ষাৰ্থীৰ প্ৰপত্ৰ জমা হৈছে ৮৫৪ খন আৰু বিজ্ঞান শাখাত প্ৰপত্ৰ জমা হৈছে ৬৮১ খন। এনে পৰিস্থিতিত টিহু মহাবিদ্যালয়ত আন্তঃগাঁথনিৰ সৈতে আসন বৃদ্ধি অতি জৰুৰী হৈছে ।