/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f2814c5e-f8d6-48f1-86ae-6658e51a9508/iuuu.jpg)
tiger attack
ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈৰ দিঘিৰপাৰত শুকুৰবাৰে নিশা এটা বাঘে আতংকৰ সৃষ্টি কৰে। বাঘটোৱে কামুৰিলে দুজন লোকক। কেইমাহ মানৰ আগতে মঙলদৈ চহৰৰ আশে পাশে কিছু দিন ধৰি এটা ঘোঙে আতংকৰ সৃষ্টি কৰি আহিছিল।
ঘোঙটি পিজৰাত বন্দী কৰিবলৈ গুৱাহাটীৰ পৰা বিশেষ লোক আহিছিল যদিও ঘোঙটো পিজৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাছিল। এদিন অ'ত এদিন ত'ত কৰি চাৰিওদিশে আতংকৰৰ সৃষ্টি কৰিছিল।এইবাৰ ওলাল দিঘীৰপাৰৰ কাউৰপৰিত বাঘ।
যোৱা নিশা হেঙাৰ ভঙা শব্দ পোৱাত কাউৰপৰিৰ মফিজুল হক নামৰ লোক জন ঘৰৰ পৰা ওলাই আহি চোৱাত বাঘটোই আক্ৰমণ কৰে।লগে লগে হুৱাদুৱা লাগে। আন্ধাৰৰ সুযোগ লৈ বাঘ টি পলাই যায়।
আহত লোক জনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমানো চিকিৎসাধীন হৈ আছে মফিজুল হক। বাতৰি লিখাৰ সময়লৈকে বন বিভাগে বাঘটো বিচাৰি উলিবলৈ সক্ষম হোৱা নাই।