
ডিজিটেল সংবাদ, চৰাইদেউঃ সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী শৰৎ বৰকটকীৰ৷ চৰাইদেউ জিলাৰ নিমনাগড়স্থিত বাসগৃহত সোমবাৰে নিশা সদ্য প্ৰয়াত জেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ পাছতে এক শোকাকোল পৰিৱেশ বিৰাজ কৰে। আনহাতে মঙলবাৰে পুৱাৰ পৰা বহুকেইটা স্থানত শেষ শ্ৰদ্ধাঞ্জলি জনোঁৱা হয় প্ৰৱীণ ৰাজনীতিবিদ গৰাকীক৷
প্ৰথমে দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই বিদ্যালয়খনৰ প্ৰথম অধ্যক্ষ আছিল প্ৰয়াত শৰৎ বৰকটকী। শিক্ষানুষ্ঠানখন ছাত্ৰ-ছাত্ৰী শিক্ষক -শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ- ছাত্ৰীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰাক্তন অধ্যক্ষ গৰাকীক ৷ বিদ্যালয় প্ৰাক্তন ছাত্ৰ তথা সোণাৰি সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে প্ৰয়াত শিক্ষাগুৰু জনৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
ইয়াৰ পিছতে সোণাৰি স্থিত ৰাজীৱ ভৱন জনোৱা হ'ব শেষ শ্ৰদ্ধাঞ্জলি। দিনৰ ১১:৩০ বজাত সোণাৰি মহাবিদ্যালয় আৰু সোণাৰি বাণিজ্য মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে দিনৰ ১২:৩০ বজাত সোণাৰিৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব৷