/asomiyapratidin/media/media_files/2025/04/11/v6uYf6d3oSlbEupWlw1d.jpg)
নিৰ্বাচিত গহপুৰৰ তিনিগৰাকী ছাত্ৰী
ডিজিটেল সংবাদ, ছয়দুৱাৰ: ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, ভূপালৰ দ্বাৰা (𝐈𝐧𝐝𝐢𝐚𝐧 𝐈𝐧𝐬𝐭𝐢𝐭𝐮𝐭𝐞 𝐨𝐟 𝐒𝐜𝐢𝐞𝐧𝐜𝐞 𝐄𝐝𝐮𝐜𝐚𝐭𝐢𝐨𝐧 𝐚𝐧𝐝 𝐑𝐞𝐬𝐞𝐚𝐫𝐜𝐡 - 𝐈𝐈𝐒𝐄𝐑, 𝐁𝐡𝐨𝐩𝐚𝐥) আয়োজন কৰা হৈছে এটি গ্ৰীষ্মকালীন শিৱিৰ। অহা ১৯ মে'ৰ পৰা সপ্তাহযোৰাকৈ অনুষ্ঠিত হ'বলগীয়া গ্ৰীষ্মকালীন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শিবিৰত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ সীমিত সংখ্যক শিক্ষাৰ্থীৰ মাজত মেধাৰ ভিত্তিত নিৰ্বাচিত হৈছে গহপুৰ নগৰৰ অন্যতম আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান নিউ স্কলাৰ্ছ একাডেমীৰ তিনিগৰাকী মেধাৱী ছাত্ৰী।
বিদ্যালয়খনৰ বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী উপাৰ্চনা বৰা দশম শ্ৰেণীৰ দুগৰাকী ছাত্ৰী ক্ৰমে নিশিতা বৰমুদৈ আৰু বৰেণ্যা শইকীয়া নিৰ্বাচিত হৈছে উক্ত শিৱিৰত অংশগ্ৰহণৰ বাবে। এই উৎসাহজনক খৱৰটোৱে নিউ স্কলাৰ্ছ একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক আনন্দিত কৰি তুলিছে। বিদ্যালয়খনৰ পৰিচালন সঞ্চালক দেবানন্দ পাতিৰি,অধ্যক্ষ স্বপন কুমাৰ মিত্ৰ, পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষক নৱদ্বীপ শইকীয়া প্ৰমুখ্যে সমূহ শিক্ষক-শিক্ষয়িত্ৰীয়ে উক্ত তিনিগৰাকী ছাত্ৰীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।