নাৰায়ণপুৰত তিনি আদৰ্শ অংগনবাদী কেন্দ্ৰ মুকলি বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ…

নাৰায়ণপুৰত তিনি আদৰ্শ অংগনবাদী কেন্দ্ৰ মুকলি বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ…

author-image
asomiyapratidin
New Update
নাৰায়ণপুৰত তিনি আদৰ্শ অংগনবাদী কেন্দ্ৰ মুকলি বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ…

ডিজিটেল সংবাদ নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ খণ্ড সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ তিনিটা আদৰ্শ অংগনবাদী কেন্দ্ৰ আজি আনুষ্ঠানিক ভাবে মুকলি কৰা হয় । নাৰায়ণপুৰৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জামুগুৰি গাঁও পঞ্চায়ত এলেকাৰ চাৰি ঘৰীয়া মিছিং গাঁও,পিছলা গাঁও পঞ্চায়ত এলেকাৰ ২ নং জৰাবাৰী গাঁও আৰু ভোলাবৰী গাঁও পঞ্চায়ত এলেকাৰ মধুপুৰত নতুন কৈ নিৰ্মাণ কৰি উলিওৱা আদৰ্শ অংগনবাদী কেন্দ্ৰ কেইটা ফিটা কাটি আনুষ্ঠানিক ভাৱে মুকলি কৰে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই।

Advertisment

এই উপলক্ষে আটাইকেইতা স্থানতে একোখনকৈ বিশেষ সভা অনুষ্ঠিত হয় । সভাকেইখনত বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ লগতে নাৰায়ণপুৰ খণ্ড সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া বাবলু বৰ্মন, নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শৈলেন চুতীয়া, ধলপুৰ-শিমলুগুৰি জিলা পৰিষদৰ সদস্য দিপালী বনিয়া, বিজেপিৰ নাৰায়ণপুৰ গ্ৰাম্য মণ্ডলৰ সভাপতি গুণাৰাম গগৈ, লখিমপুৰ জিলা বিজেপিৰ সম্পাদক তৰুণ শইকীয়া, নাৰায়ণপুৰ পৌৰসভাৰ উপ-পৌৰপতি বিৰাজ ভূঞা, পিছলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য জোনমনি ভূঞা, সভাপতি শৰৎ হাজৰিকা, ভোলাবৰী গাঁও পঞ্চায়তৰ সভাপতি যোগেন শইকীয়া প্ৰমূখ্যে বহু কেইগৰাকী গণ্যমান্য লোক উপস্থিত থাকে।

সভাত ভাষণ প্ৰদান কৰি বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই আদৰ্শ অংগনবাদী কেন্দ্ৰ কেইটাৰ জৰিয়তে কণ কণ শিশুসকল যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰাৰ লগতে কেন্দ্ৰ কেইটাৰ কৰ্মী আৰু সহায়িকা সকলৰ দায়িত্ব আজিৰে পৰা দুগুণে বৃদ্ধি পালে বুলি উল্লেখ কৰে।আনহাতে আদৰ্শ অংগনবাদী কেন্দ্ৰ কেইটা লাভ কৰি অঞ্চল কেইটাৰ লোকসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ।