/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/yhooywyr/oil.jpg)
ডিজিটেল ডেস্কঃ অসম পৰ্বতাৰোহণ সন্থাৰ তিনিজন সদস্যই বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ বেছ কেম্পলৈ ট্ৰেকিং অভিযানত নামিব। শেখৰ বৰদলৈৰ নেতৃত্বত সদস্য মনোজ পাটোৱাৰী আৰু প্ৰাঞ্জল দত্তই ১৮,২০০ ফুট উচ্চতাত অৱস্থিত এভাৰেষ্ট বেছ কেম্পলৈ ট্ৰেকিং কৰিব। অইল ইণ্ডিয়া লিমিটেডৰ পৃষ্ঠপোষকতাত অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত আয়োজিত এই ট্ৰেকিং অভিযান অক্টোবৰ মাহত এসপ্তাহৰো অধিক সময় অব্যাহত থাকিব।
নেপালৰ লুকলাৰ পৰা আৰম্ভ কৰি এই ট্ৰেকত দলটোৱে মুঠ ১৩০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। দৈনিক ১০ৰ পৰা ১৫ কিলোমিটাৰ খোজ কাঢ়ি গন্তব্য স্থানত উপস্থিত হ’ব। দেওবাৰে সন্থাৰ কাৰ্যালয়ত এই অভিযানৰ আনুষ্ঠানিক ফ্লেগ অফ অনুষ্ঠান অনুষ্ঠিত হয়। অসম পৰ্বতাৰোহণ সন্থাৰ সভাপতি ড০ দেৱেন্দ্ৰ নাথ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ফ্লেগ অফৰ সঞ্চালনা কৰে অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালক শ্ৰীযুত পংকজ কুমাৰ গোস্বামী (অপাৰেচন) আৰু অশোক দাস (মানৱ সম্পদ)য়ে।
অনুষ্ঠানত সন্থাৰ মুখ্য উপদেষ্টা সত্যন শৰ্মা, সাধাৰণ সম্পাদক মনশ বৰুৱা, সন্থাৰ কেইবাগৰাকীও বিষয়া, ৰাজ্যৰ বিশিষ্ট পৰ্বতাৰোহীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে এই অভিযানৰ নেতা যুৱ পৰ্বতাৰোহী শেখৰ বৰদলৈয়ে আগষ্ট মাহত ‘প্ৰজেক্ট ফাইভ পিকছ’ অভিযানৰ অংশ হিচাপে লাডাখৰ ৬০০০ মিটাৰৰ ওপৰত পাঁচটা শৃংগ আৰোহণ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল, মাত্ৰ ১৬ দিনতে এই কৃতিত্ব সম্পূৰ্ণ কৰিছিল। ইয়াৰ উপৰিও সহযোগী যুৱ পৰ্বতাৰোহী মনোজ পাটোৱাৰীয়ে ইয়াৰ পূৰ্বে লাডাখৰ ৬ হাজাৰ মিটাৰতকৈ অধিক উচ্চতাৰ শৃংগ ইউ টি কাংগ্ৰী সফলতাৰে আৰোহণ কৰিছিল।