শনিবাৰে শনি লাগিল নুমলীগড়ত : পথ দুৰ্ঘটনাত থিতাতে নিহত ৩জন

শনিবাৰে শনি লাগিল নুমলীগড়ত : পথ দুৰ্ঘটনাত থিতাতে নিহত ৩জন

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident

ডিজিটেল ডেস্ক : শনিবাৰে শনি লাগিল নুমলীগড়ত ! নিশা নুমলীগড়ৰ ৩৯নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দেওপাহাৰত সংঘটিত এই দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত হয়। নিহত তিনিওগৰাকী পেছাত আছিল অভিযন্তা।

Advertisment

আনহাতে দুগৰাকী অভিযন্তা গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। NRLৰ PKC নামৰ ঠিকা প্রতিষ্ঠানটোৰ কৰ্মচাৰী আছিল আটাইকেইজন।

নিহত লোক দুজন হৈছে নগাঁৱৰ অভিযন্তা দেৱজিৎ‍ বৰদলৈ আৰু জাগীৰোডৰ পাৰ্থপ্রতিম বাংথাই। আনজন হৈছে মৰঙিৰ ৫নং ৰংবঙৰ ঠিকাদাৰ বিৰিঞ্চি বৰা।

ইফালে আহত ভৃগু শৰ্মা, কল্পজ্যোতি শইকীয়াক উন্নত চিকিৎসাোৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰা হৈছে।

Also Read: গোৱালিয়ৰত আজি ভাৰত-বাংলাদেশৰ মেচ : ৰিয়ান পৰাগৰ সন্মুখত সুযোগৰ সদ্ব্যৱহাৰৰ প্ৰত্যাহ্বান

numaligarh Assam police