নাৰায়ণপুৰত তিনি প্ৰৱঞ্চকক আটক…

নাৰায়ণপুৰত তিনি প্ৰৱঞ্চকক আটক…

author-image
asomiyapratidin
New Update
নাৰায়ণপুৰত তিনি প্ৰৱঞ্চকক আটক…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : নাৰায়ণপুৰত তিনি প্ৰৱঞ্চকক আটক। নাৰায়ণপুৰ নগৰৰ শক্ৰাহি গাঁৱৰ পৰা স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে আটক কৰে চূলেমান আলি,ইনাৰুল আলি আৰু অহিদুল আলি নামৰ প্ৰৱঞ্চক কেইটাক।

Advertisment

ধৃত প্ৰৱঞ্চক কেইটাৰ ঘৰ লখিমপুৰৰ লীলাবাৰী বালিজান গাঁৱত। তিনিদিন পূৰ্বে প্ৰৱঞ্চক কেইটাই ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰকাঠনি গাঁৱৰ ৰাজেন দাসৰ পত্নী ৰশ্মি বনিয়া দাসৰ পৰা লটাৰীৰ কুপন স্কেচ্ছ কৰাৰ পিছত পুৰস্কাৰ প্ৰদানৰ নামত প্ৰৱঞ্চনাৰে সৰকাইছিল ৭ হাজাৰ টকা।

পুৰস্কাৰ হিচাপে লাভ কৰা ফ্ৰিজ নাৰায়ণপুৰত কিনি দিব বুলি কৈ পলায়ন কৰিছিল প্ৰবঞ্চক কেইটা।অৱশেষত শনিবাৰে নাৰায়ণপুৰ নগৰৰ শক্ৰাহি গাঁৱত AS-06(B)7571 নম্বৰৰ এখন মাৰুতি জেন সহ প্ৰৱঞ্চক কেইটাক আৰক্ষীয়ে আটক কৰে।বৰ্তমান প্ৰৱঞ্চক কেইটাক নাৰায়ণপুৰ আৰক্ষী থানাত সোধাপোচা অব্যাহত ৰাখিছে।

আৰু পঢ়ক: বন্যহস্তীৰ আক্ৰমণত আহত বনকর্মীৰ চিকিৎসাত দিশহাৰা পৰিয়াল, বিচাৰিছে সহায় কিন্তু…

assam flood narayanpur