প্ৰাথমিক জেৰাৰ অন্তত কাৰাগাৰলৈ প্ৰেৰণ ধূলা কাণ্ডৰ তিনিওগৰাকী চিকিৎসকক...

প্ৰাথমিক জেৰাৰ অন্তত কাৰাগাৰলৈ প্ৰেৰণ ধূলা কাণ্ডৰ তিনিওগৰাকী চিকিৎসকক...

ডিজিটেল ডেস্ক : অব্যাহত আছে ধূলা কাণ্ডৰ তদন্ত । বিগত তিনি দিন ধৰি চি আই ডিৰ জেৰাটো অপৰাধ স্বীকাৰ কৰা নাই চিকিৎসক তিনি গৰাকীয়ে । ধূলা কাণ্ডত মৃত কিশোৰী গৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল ড: অজন্তা বৰদলৈৰ নেতৃত্বত । কিন্তু সকলো ৰহস্য ক্ৰমান্বয়ে ফাদিল হৈ অহাৰ সময়তো নিজৰ স্থিতিত অটল চিকিৎসক গৰাকী । যাৰ বাবে তিনি দিনীয়া জেৰাৰ অন্তত কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল তিনিওগৰাকী চিকিৎসকক ।

উল্লেখ্য যে, কেৱল চিকিৎসক তিনি গৰাকীয়েই নহয় বৰং আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় আৰু দণ্ডাধীশ আশীৰ্বাদ হাজৰিকালৈ জাৰী কৰা হৈছিল চমন । কিন্তু ৰাজমোহন ৰায় আৰু আশীৰ্বাদ হাজৰিকা উপস্থিত নহ'ল চি আই ডি ৰ কাৰ্যালয়ত । বুধবাৰে দিনৰ ১১ বজাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল দুয়োগৰাকী বিষয়াক ।

আনহাতে, চি আই ডি য়ে ইতিমধ্যে পৰীক্ষা কৰিছে দুয়োগৰাকীৰ বেংক একাউন্ট আৰু সংগ্ৰহ কৰিছে আশীৰ্বাদ হাজৰিকাৰ বেংক ষ্টেটমেন্ট ।

সংবাদ মাধ্যমে জানিবলৈ দিয়া অনুসৰি দুয়োগৰাকী বিষয়াৰ ওপৰত তদন্ত চলাই থকা হৈছে প্ৰিভেনশ্বন অৱ কৰাপচন এক্টৰ জৰিয়তে । তেনেস্থলত, চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ'লেই তদন্ত দিঘলীয়া হোৱাৰ আশংকাত দেখা দিয়া নাই বিষয়া দুগৰাকীয়ে ।

উল্লেখ্য যে, চিকিৎসক তিনি গৰাকীয়ে প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাৰ অন্তত কিশোৰী গৰাকীয়ে আত্মহত্যা কৰা বুলি ৰায় দিয়াৰ পাছত প্ৰকাশ হৈছিল বিতং তথ্য । দোষীয়ে যৌন আতিশয্য চলাই পৰৱৰ্তী সময়ত হত্যা কৰা বুলি প্ৰমাণ হোৱাৰ পিছতো চিকিৎসক তিনি গৰাকীয়ে জনোৱা নাছিল আৰক্ষীক । আনহাতে, সংবাদ মাধ্যমৰ সন্মুখত হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পাছতো নিজৰ স্থিতিত বাহাল আছে চিকিৎসক তিনি গৰাকী ।

যাৰ বাবে, তিনি দিনীয়া জেৰাৰ অন্তত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে তিনিও গৰাকী চিকিৎসকক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in