বটদ্ৰৱাত জগত গুৰু শ্রীমন্ত শংকৰ দেৱৰ ৫৭৪ সংখ্যক তিনিদিনীয়া জন্ম জয়ন্তী উৎসৱ

তৃতীয় নিশা সত্ৰীয়া নৃত্য, বৰগীত, বড়ো, তিৱা, ঝুমুৰ আদি বিভিন্ন লোক সংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত আকাশী গংগাৰ তীৰ...

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত জগত গুৰু শ্রীমন্ত শংকৰ দেৱৰ ৫৭৪ সংখ্যক  তিনিদিনীয়া জন্ম জয়ন্তী উৎসৱ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা থানত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত জগত গুৰু শ্রীমন্ত শঙ্কৰ দেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী উৎসৱৰ তৃতীয় দিনা বৃহস্পতিবাৰে ধৰ্মালোচনী সভাকে আদি কৰি বিভিন্ন অনুষ্ঠানৰ পাছত নিশা আকাশীগংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত সত্ৰীয়া সংস্কৃতি আৰু লোক সংস্কৃতিৰ বৰ্ণিল অনুষ্ঠান অনুষ্ঠিত হয়।

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তই মুকলি কৰা মঞ্চত বৰগীত, সত্রীয়া নৃত্য, দশাৱতাৰ নৃত্য, ভোৰতাল নৃত্যৰ লগতে বড়ো, তিৱা, ঝুমুৰ আদি বিভিন্ন লোক সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত হৈ পৰে। সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত মাজনিশালৈ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে গুৰু জন্ম জয়ন্তীৰ তিনিদিনীয়া কাৰ্য্যসূচী সমাপ্ত হয়।

Batadrawa assam