/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/pold.jpg)
ডিজিটেল সংবাদ, নগাঁও: নগাঁৱৰ আৰক্ষীয়ে দেওবাৰে অভিযান চলাই তিনিজন ডকাইটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ডকাইত কেইটাৰ নাম জীয়াউৰ ৰহমান, দিলদাৰ হুছেইন আৰু ইক্ৰামূল হক। ৰূপহীহাট আৰক্ষী আৰু বৰঘাট বাইপাছ পহৰা চকীৰ আৰক্ষীৰ এটা দলে বাইপাছৰ এখন হোটেলত অত্মগোপন কৰি থকা অৱস্থাত অতৰ্কিতে অভিযান চলাই ৷
অভিযানতে ডকাইত কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।ধৃত ডকাইত কেইটাৰ বিৰুদ্ধে বেংক ডকাইতি, গৰু চুৰি আদি বিভিন্ন গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগ আছে। ধৃত ডকাইত কেইটাৰ পৰা ডকাইতি কাণ্ডত ব্যৱহৃত অসম বিধানসভাৰ পাছ সম্বলিত এখন বিলাসী বাহনো জব্দ কৰে।