নলবাৰীত শিক্ষাব্ৰতী ডেইজী তালুকদাৰৰ তিনিখন পুথি উন্মোচন...

নলবাৰীত শিক্ষাব্ৰতী ডেইজী তালুকদাৰৰ তিনিখন পুথি উন্মোচন...

author-image
Asomiya Pratidin
New Update
নলবাৰীত শিক্ষাব্ৰতী ডেইজী তালুকদাৰৰ তিনিখন পুথি উন্মোচন...

নলবাৰীত শিক্ষাব্ৰতী ডেইজী তালুকদাৰৰ তিনিখন পুথি উন্মোচন...

ডিজিটেল সংবাদ নলবাৰী: নলবাৰীত ২৪ জানুৱাৰীত শিক্ষাব্ৰতী আৰু লেখিকা ডেইজী তালুকদাৰৰ বিজ্ঞান ভিত্তিক একাংকিকা নাট ‘অৰণ্যৰ ভূত’ আৰু ‘আইতাৰ চেতালত’ নামৰ গল্প-প্ৰবন্ধৰ কুকি আৰু ‘প্ৰাণৰ কবিতা’ নামৰ তিনিখন পুথি উন্মোচন কৰা হয় । এই উপলক্ষে নলবাৰী জিলা লেখক সভাৰ কাৰ্যালয়ত সাহিত্যিক ৰফিউল হুছেইন বৰুৱাৰ পৌৰোহিত্যত হোৱা সভাত পুথিকেইখন উন্মোচন কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য বিপিন চন্দ্ৰ কলিতা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই

Advertisment

সাংবাদিক কিশোৰ কুমাৰ তালুকদাৰে আঁত ধৰা অনুষ্ঠানটিৰ বন্তি জ্বলাই শুভাৰম্ভ কৰে বিশিষ্ট চিত্ৰশিল্পী অবিনাশ মজুমদাৰে । সভাত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, প্ৰজ্ঞাসাধক সুৰেন্দ্ৰনাথ কাকতি, অৱসৰীয়া শিক্ষক-লেখক অৰুণ কুমাৰ দাস আৰু নলবাৰী জিলা লেখক সমাজৰ সভাপতি অৰ্জুন সেন ডেকাই বিশিষ্ট অতিথি হিচাপ ভাগ লৈ সাহিত্য বিষয়ক প্ৰাসংগিক ভাষণ প্ৰদান কৰে ।

অনুষ্ঠানত শিক্ষাৰ্থী আইৰিন তালুকদাৰ, আইচি তালুকদাৰ আৰু আৰুচি তালুকদাৰে সুৰীয়া শ্লোকেৰে বন্দনা কৰি অনুষ্ঠানত উপস্থিত থকা সকলোকে বাৰুকৈয়ে আপ্লুত কৰে । প্ৰণীতা হালৈয়ে জ্যোতি সংগীত আৰু জোনালী তালুকদাৰে বৰগীত পৰিৱেশন কৰি অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে ।

ভাস্কৰজ্যোতি তালুকদাৰে ডেইজী তালুকদাৰৰ কবিতা আৰু মহচেন আলীয়ে স্বৰচিত কবিতা আবৃত্তি কৰে । অনুষ্ঠানত প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী যোগেন্দ্ৰনাথ শীল, কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ডিম্বেশ্বৰ পাঠক, লেখক বিপিন চন্দ্ৰ কলিতা, লেখিকা ৰুণুমী দেৱী গোস্বামী, সমাজকৰ্মী অলকা বৰ্মন, লেখিকা অৰ্চনা ঠাকুৰীয়া, অৱসৰী শিক্ষক ক্ষীতিশ কুমাৰ কাকতি, জ্যেষ্ঠ নাগৰিক নাৰায়ণ শৰ্মা, শিক্ষাব্ৰতী দিনেশ কলিতা, লেখক সভাৰ কাৰ্যকৰী সভাপতি ৰাজেন্দ্ৰ নাথ দলৈ, উপ-সভাপতি উমেশ শৰ্মা, সহকাৰী সম্পাদক প্ৰাঞ্জল শৰ্মা আৰু কেশৱ কলিতা, সাংগঠনিক সম্পাদক দিলীপ কুমাৰ শৰ্মা, সাংবাদিক চাহিল আহমেদ প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট লোকে সভাত ভাগ লয় ।

লেখিকা ডেইজী তালুকদাৰে লেখাবোৰৰ আঁৰৰ কিছু কথা ব্যক্ত কৰে । অসম সংগীতেৰে অনুষ্ঠান সামৰা হয় ।

Also Read: শেষ হোৱা নাই বিতৰ্ক ! মুক্তিৰ পূৰ্বেই লিক 'পাঠান', এই কেইটা ৱেব চাইটত উপলব্ধ চিনেমাখন...

গ্ৰন্থ উন্মোচন ডেইজী তালুকদাৰ