/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/ttt.jpg)
ডিজিটেল সংবাদ, গোলাঘাট: অসমীয়া প্ৰতিদিনত সবিস্তাৰে বাতৰি প্ৰকাশ হোৱাৰ এটা দিনৰ পাছতে গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত চি আৰ পি এফ আৰু আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে দুখনকৈ চোৰাং ইউৰিয়া ভৰ্তি ট্ৰাক। অসমৰ কৃষকক বঞ্চিত কৰি নাগালেণ্ডৰ মাজেৰে ম্যানমাৰলৈ অবৈধভাৱে সৰবৰাহ কৰিবলৈ লোৱাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ইউৰিয়া ভৰ্তি ট্ৰাক দুখন। লগতে আৰক্ষীয়ে ইউৰিয়া সৰবৰাহৰ লগত জড়িত আঠজনকৈ লোকক আটক কৰিছে।
বুধবাৰে সন্ধিয়া গোপন খবৰৰ ভিত্তিত ১৪২ নং চিআৰপিএফ বাহিনীৰ এটা দলে মেৰাপানীৰ শিমলুতলৰ নাগালেণ্ড অভিমুখী পথত জব্দ কৰে ট্ৰাক দুখন। পাছত এম এল ০৫ চি ৪০০৩ আৰু এন এল ০৫ চি ১৮৫৯ নম্বৰৰ জব্দকৃত ট্ৰাক দুখনৰ সৈতে আটকিত আঠজন লোকক মেৰাপানী আৰক্ষীক গতাই দিয়ে চিআৰপিএফে।
আটক ব্যক্তি কেইজন ক্ৰমে,মেৰাপানী ক'লাজানৰ চুনু গগৈ(৩৬),বাবু ৰাজখোৱা(৩৬),নবীন নাগ(১৮),প্ৰাঞ্জল মুঢ়া(২১),ৰঞ্জন কুৰুৱা(২২),মুনিন্দ্ৰ চাংমাই(৩৪) আৰু নাগালেণ্ডৰ দুই ব্যক্তি ক্ৰমে মোৱা আউ(৬০) আৰু ভিক্টৰ ল'থা(১৮)।
উল্লেখযোগ্য যে,এটা বৃহৎ চক্ৰই নিৰ্বিঘ্নে নাগালেণ্ডৰ মাজেৰে ম্যানমাৰলৈ চোৰাংকৈ ইউৰিয়া সৰবৰাহ কৰি আহিছে। বিশেষকৈ গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত একাংশ লোকে ইউৰিয়াৰ অবৈধ ব্যৱসায় পুৰ্ণোদ্যমে চলাই অহাৰ তথ্য পোহৰলৈ আহিছে। বিশেষকৈ মুল পথৰ উপৰিও সীমান্তৰ বিভিন্ন বিকল্প পথেৰে ইউৰিয়া বোজাই কৰা ট্ৰাকসমূহ প্ৰথমে নাগালেণ্ডত প্ৰবেশ কৰি এটা আন্তঃৰাজ্যিক চক্ৰক যোগান ধৰে।
তাৰ পৰৱৰ্তী সময়ত আন এটা চক্ৰই নাগালেণ্ডৰ পৰা বৃহত গাড়ীৰ সহায়ত ম্যানমাৰলৈ সৰবৰাহ কৰে ইউৰিয়াৰ বেগসমূহ। জানিব পৰা মতে,অসমত ২৬৬ টকা দৰৰ প্ৰতিবেগ ইউৰিয়াৰ মূল্য ম্যানমাৰত প্ৰবেশৰ পাছতেই হয়গৈ অবিশ্বাস্য ২৫০০ টকা। নিশ্চিত তথ্য অনুসৰি নগা লোকৰ সহায়ত ম'ৰেহ সীমান্তয়েদি সহজে ম্যানমাৰলৈ পাৰ কৰে ইউৰিয়া বোজাই কৰা ট্ৰাকসমূহ। সাম্প্ৰতিক সময়ত ইউৰিয়া বিক্ৰীৰ ক্ষেত্ৰত ৰাজ্যত কঠোৰ নিৰ্দেশনা বলৱৎ হৈ থকাৰ সময়ত কেনদৰে ট্ৰাকে ট্ৰাকে ইউৰিয়া বহিঃৰাষ্ট্ৰলৈ সৰবৰাহ হৈ আছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
আৰু পঢ়ক: এইবাৰ নগাঁৱৰ কচুৱাত এজন আৰক্ষীৰ মৃত্যু…