/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/14ea17bf-df52-4c34-98f6-2c533994b338/UPPL.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ চন্দ্ৰপাৰাৰ জৌগালু পথাৰত ইউপিপিএলৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিন । অধিবেশনৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োই অধিৱেশন থলীত ইউপিপিএলৰ পতাকা উত্তোলন কৰে । ইয়াৰ পিছতেই শ্বহীদ বেদীত পোণপ্ৰথমে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৰৌণগৌৰা নাৰ্জাৰী আৰু তাৰপিছতেই ক্ৰমান্বয়ে প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আদিকে ধৰি ইউপিপিএলৰ নেৰ্তৃবৰ্গই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।
ইয়াৰ পিছতেই ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সংবাদমাধ্যমৰ আগত কয় যে বিটিআৰ সম্প্ৰতি শান্তি সম্প্ৰীতি সমন্বয়ৰ থলী হৈ পৰিছে। অঞ্চলটোলৈ শান্তি ঘূৰি আহিছে আৰু সকলো জাতি জনগোষ্ঠীৰ মাজত একতা -ভাতৃত্ববোধৰ এনাজৰী মজবুত হৈ পৰিছে । সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন-সমবিকাশ নিশ্চিত কৰাৰ পৰিণতিতে বৰ্তমান বড়োলেণ্ডত এক সুস্থ্য পৰিৱেশে গা কৰি উঠিছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।
সাংবাদিকৰ এক প্ৰশ্নত্তোৰত প্ৰমোদ বড়োই কয় যে ৰাজনীতিৰ নামত ৰাজনীতি নহয় , ৰাইজৰ বাবে সুস্থ্য ৰাজনীতি কৰিলেহে ৰাইজৰ মঙ্গল সাধন হয় বুলি মন্তব্য কৰি ইউপিপিএলে সদায়ে সুস্থ্য ৰাজনীতিৰ সপক্ষে মাত মাতি আহিছে আৰু সদায়ে ৰাইজৰ হকে ৰাজনীতি কৰা কাৰ্যক প্ৰাধন্য দি আহিছে ।
ইপিনে আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএলৰ পৰা প্ৰাৰ্থীত্ব দিয়া হ'ব বুলি ইংগিত প্ৰদান কৰি প্ৰমোদ বড়োই মঙ্গলদৈ লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন দিয়া হ'ব বুলি ঘোষণা কৰিছে । আনহাতে প্ৰতিনিধি সভাৰ সিদ্ধান্ত মৰ্মে ইউপিপিএলৰ কেন্দ্ৰীয় সমিতি সালসলনি হ'ব পাৰে বুলি ইংগিত প্ৰদান কৰিছে প্ৰমোদ বড়োৱে।