ডিজিটেল সংবাদ ৰঙিয়া: ৰাজ্যত পুনৰ ধৰ্মীয়স্থলীত চুৰিকাৰ্য সংঘটিত হয়। ৰঙিয়াৰ সমীপৱৰ্তী চেনীমাৰাৰ নামঘৰত সংঘটিত হয় এই চুৰিকাৰ্য।
ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে নিশা ৰঙিয়াৰ চেনীমাৰাৰ দুটাকৈ নামঘৰত সোমাই চোৰে দান পাত্ৰ ভাঙি টকাৰ লগতে ধৰ্মীয় অনুষ্ঠানৰ সামগ্ৰী চুৰি কৰি নিয়ে। ৰাইজে পুৱা আহি নামঘৰৰ তলা, দান পাত্ৰৰ লগতে আচবাব আদি পৰি থকা দেখাৰ পাছত ঘটনাৰ সবিশেষ পোহৰলৈ আহে।
তাৰপিছত স্থানীয় ৰাইজে চুৰিকাৰ্যৰ সন্দৰভত ৰঙিয়া আৰক্ষী থানাত খবৰ দিয়ে। ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি চোৰৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে।
আনহাতে নামঘৰ দুটাৰ দান পাত্ৰত কেইবাহাজাৰ টকা দান থকা বুলি স্থানীয় ৰাইজে উল্লেখ কৰিছে।