ৰঙিয়াত চোৰৰ লুটপাত...

ৰঙিয়াত চোৰৰ লুটপাত...

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত আজি পুৱতি নিশা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ বাসগৃহত চোৰে চুৰিকাৰ্য সংঘটিত কৰে । ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়াৰ বঢ়মপুৰ হাটবজালীৰ বিচিত্ৰ শীলৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে সংগোপনে প্ৰৱেশ কৰি ঘৰৰ তলা ভাঙে।

তাৰ পিছত ঘৰত সোমাই গডৰেজৰ তলা ভাঙি নগদ ধনসহ ৫ তোলা সোণৰ আ- অলংকাৰ চুৰি কৰে । অকল সেয়াই নহয়, চোৰে ঘৰটোত থকা টিভি ,৩ টা চিলিণ্ডাৰ,কাহঁৰ বাচনসহ মূল্যবান সামগ্ৰী লৈ যায় বুলি ভুক্তভোগী পৰিয়ালটোৱে জনায় ।

চুৰিকাৰ্য সংঘটিত কৰি চোৰে পলায়ন কৰে যদিও সম্প্ৰতি এই ঘটনাৰ পিছতে ওচৰ চুবুৰীয়াই পিছত গম পাই পৰিয়ালক খবৰ দিয়ে আৰু ভুক্তভোগী শীলৰ পৰিয়ালে ৰঙিয়া আৰক্ষী থানাক ঘটনাৰ সবিশেষ অৱগত কৰি এজাহাৰ দিয়ে ।

সম্প্ৰতি আৰক্ষীয়ে গোচৰ ৰুজু কৰি চোৰক বিচাৰি তদন্ত অব্যাহত ৰাখিছে যদিও সফল কিমানখিনি হব সেয়াহে লক্ষণীয় হব । উল্লেখ্য যে চোৰে চুৰিকাৰ্য সংঘটিত কৰা ৰঙিয়াৰ বঢ়মপুৰ হাটবজালীৰ ভুক্তভোগী বিচিত্ৰ শীল ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in