/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/10a4f8a8-450a-4b03-a3f6-df48a1fe8e98/252.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথ : বিশ্বনাথত চোৰে পুনৰ নাক কাটিলে বিশ্বনাথ আৰক্ষীৰ I এইবাৰ চোৰৰ টাৰ্গেট হাৰ্ডৱেৰ দোকান I বিশ্বনাথৰ পাভৈ পথত থকা মাতা হাৰ্ডৱেৰ নামৰ দোকানখন চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড।
জানিব পৰামতে, দোকানখনৰ পৰা চোৰে লৈ যায় দুটা লেপটপ,চি চি টিভি, ডি ভি আৰ দুটা আৰু জিঅ' ৱাই-ফাই I উল্লেখ্য যে ইয়াৰ পূৰ্বেও চাৰিবাৰকৈ দোকানত সংঘটিত হৈছিল চুৰিকাণ্ড I
ইতিমধ্যে বিশ্বনাথ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও চোৰ ধৰিবলৈ কিমান সক্ষম হয় সেইয়াহে লক্ষণীয় হ'ব বুলি একাংশই প্ৰকাশ কৰে I