/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/066edba5-aa5a-4031-b2e2-a67032e44d01/RE.jpg)
ডিজিটেল ডেস্ক : শুক্ৰবাৰে সন্ধিয়া AS01EH 7262 নম্বৰৰ নিজৰ বুলেটখন গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তলৰ পাৰ্কিঙত ৰাখি ওচৰতে বজাৰ কৰি আছিল অসম আৰক্ষীৰ বিশেষ শাখাৰ কণিষ্টবল দিপাংকৰ কলিতাই ।
বজাৰ কৰি আধা ঘণ্টাৰ ভিতৰত ওভতি আহি যথা স্থানত কলিতাই নাপালে বুলেটখন । ওচৰে-পাজৰে ভালেমান সময় ধৰি বিচাৰ-খোচাৰ কৰি নোপোৱাত বুলেটখন চুৰি হোৱা বুলি নিশ্চিত হৈ পাছত এই সন্দৰ্ভত তেওঁ অৱগত কৰে দিছপুৰ থানাক । এই পৰ্যন্ত বুলেটখনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে ।